এণ্টনিঅ' গুটেৰেছক ৰাষ্ট্ৰসংঘৰ নতুন সচিবপ্ৰধান হিচাপে নিযুক্তি



  
পর্তুগালৰ প্রাক্তন প্রধান মন্ত্রী এণ্টনিঅ' গুটেৰেছক ৰাষ্ট্ৰসংঘৰ পৰৱতী সচিবপ্রধান হিচাপে নিযুক্তি দিয়া হৈছে । ২০১৭ চনৰ পহিলা জানুৱাৰীৰ পৰা তেওঁ ৰাষ্ট্ৰসংঘৰ সচিবপ্রধান হিচাপে কাম-কাজ আৰম্ভ কৰিব। কালি ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে গুটেৰেছক পৰৱতী সচিবপ্রধান হিচাপে নিযুক্তি দিয়ে। ১৯৩খন সদস্য ৰাষ্ট্ৰৰ শক্তিশালী সাধাৰণ পৰিষদে ৬৭ বছৰীয়া এণ্টনিঅ' গুটেৰেছক ৰাষ্ট্ৰসংঘৰ নৱম সচিবপ্রধান হিচাপে নিযুক্তি দিয়ে। বর্তমান সচিবপ্রধান বেন কীমুনৰ কাৰ্যকাল ৩১ ডিচেম্বৰত সমাপ্ত হােৱাৰ পিছত পৰৱতী দিনৰ পৰা এণ্টনিঅ'ই আনুষ্ঠানিকভাৱে কাৰ্যনির্বাহ কৰিব। যোৱা সপ্তাহত ১৫খন সদস্য পৰৱতী সচিবপ্ৰধান হিচাপে নির্বাচিত কৰি ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদলৈ তেওঁৰ নাম আগবঢ়ায়। ইয়াৰ পিছত কালি সাধাৰণ পৰিষদে তেওঁক নিযুক্তি দিয়ে। ১৯৯৫ চনৰ পৰা ২০০২ চনলৈ পর্তুগালৰ প্রধান মন্ত্রী হিচাপে সেৱা আগবঢ়োৱা এণ্টনিঅ’ গুটেৰেছে ২০০৫ চনৰ জুন মাহৰ পৰা ২০১৫ চনৰ ডিচেম্বৰলৈকে ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী বিভাগৰ উচ্চায়ুক্ত হিচাপে সফলতাৰে কাম সম্পন্ন কৰে।এণ্টনিঅ’ গুটেৰেছক পৰৱতী সচিবপ্রধান হিচাপে নিযুক্তি দিয়াত বেন কী-মুনে সন্তোষ প্রকাশ কৰিছে। 







Share on Google Plus

About Unknown

0 comments:

Post a Comment