অখিল গগৈৰ অধিবক্তাই অখিলৰ গ্রেপ্তাৰৰ সম্পৰ্কত কি কয় ?



কৃষক নেতা অখিল গগৈৰ অধিবক্তা হৈছে ভাস্কৰ দেৱকোঁৱৰ।তেওঁ অখিলৰ গ্রেপ্তাৰৰ সম্পৰ্কত কয় — অখিলৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ভূমিকা গণতান্ত্রিকবিৰােধী। গণতান্ত্রিকভাৱে প্রতিবাদ সাব্যস্ত কৰা অখিলৰ বিৰুদ্ধে আৰক্ষী বিষয়াক হত্যা কৰাৰ চেষ্টাৰ গোচৰ জাপি দি ৩০৭ ধাৰা বলৱৎ কৰা হৈছে। সেয়া গণতান্ত্রিক ব্যৱস্থাৰ বাবে এক অশুভ ইংগিত”। লগতে তেওঁ কয় যে কৃষক নেতা অখিল গগৈ বিভিন্ন গোচৰত বর্তমানলৈকে ১৬ বাৰ জে’লত সোমাইছে। কিন্তু এই সংগ্রামী নেতাজনে এইবাৰ চৰকাৰী ষড়যন্ত্ৰৰ বলি হৈ যি ধৰণে হাৰাশাস্তি পাইছে সেয়া তেওঁ কেতিয়াও পোৱা নাছিল। অন্য আচামীৰ দৰে তেওঁক লকআপত ৰখা হৈছিল আৰু অন্য আচামীৰ দৰে নূ্যনতম দিবলগীয়া সা-সুবিধাখিনি তেওঁক দিয়া হােৱা নাই। তদুপৰি অধিবক্তাজনে কালি আৰক্ষী প্রশাসনে আইন-শৃংখলাৰ দােহাই দি সর্বসাধাৰণ ৰাইজক আদালতৰ চৌহদত প্রৱেশ নিষিদ্ধ কৰা বিষয়টোকো সমালোচনা কৰে। আৰক্ষীয়ে সম্প্রতি অখিল গগৈক ১৩৯/১৬ নম্বৰ গোচৰতহে গ্রেপ্তাৰ কৰিছে।আজি পুনৰ অখিল গগৈক পুৱাৰ ভাগতে কলিয়াবৰৰ আদালতত হাজিৰ কৰাব।
Share on Google Plus

About Unknown

0 comments:

Post a Comment