চীনে পৰেশ বৰুৱাক আটক কৰাত ভাৰতক সহায় কৰিব



আলফা (স্বাধীন) ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক আটক কৰাত ভাৰতক সহায় কৰিব চীন চৰকাৰে । এই কথা শেহতীয়াকৈ সদৰী কৰিছে যুটীয়া চোৰাংচোৱা কমিটীৰ অধ্যক্ষ আৰ এন ৰবিয়ে। উল্লেখ্য যে অলপতে ভাৰত ভ্ৰমণত চীন চৰকাৰৰ সচিবপ্রধান ৱাং ইয়োংপিঙে কেন্দ্রীয় গৃহমন্ত্রী ৰাজনাথ সিঙক সাক্ষাৎ কৰা সময়ত এই সহায়ৰ কথা উল্লেখ কৰা বুলি সংবাদ মাধ্যমিক জানিবলৈ দিছে ৰবিয়ে। মন কৰিবলগীয়া যে বাংলাদেশ চৰকাৰে আলফাৰ প্ৰতি গ্রহণ কৰা কঠোৰ পদক্ষেপৰ পাছত চীন সীমান্তত আশ্রয় গ্রহণ কৰা পৰেশ বৰুৱাই বিভিন্ন সহায়ত চীনৰ পৰা পূর্ণ সহযোগিতা লাভ কৰাৰ কথা প্রকাশ কৰি আহিছে। এনে অৱস্থাত চীনে পৰেশ বৰুৱাৰ লগতে উত্তৰ-পূবৰ উগ্ৰপন্থী সমস্যা সমাধানত আশ্বাস প্রদান কৰা বিষয়টােৱে বিশেষ তাৎপর্য বহন কৰিছে। লক্ষণীয় দিশটাে হ’ল আলফা (স্বাধীন)ৰ সেনাধ্যক্ষজনৰ জৰিয়তে চীনে উত্তৰ-পূবৰ উগ্ৰপন্থী সংগঠনসমূহলৈ অস্ত্ৰ যোগান ধৰি থকাৰ তথ্য ভাৰতীয় চােৰাংচােৱা সংস্থাসমূহে লাভ কৰি আহিছে। আনকি চীনৰ চোৰাং বাহিনী আৰু সেনাৰ কেইবাজনো শীর্ষ বিষয়াৰ সৈতে পৰেশ বৰুৱাৰ ঘনিষ্ঠ সম্পর্কৰ তথ্যও ভাৰতীয় চোৰাংচোৱাই লাভ কৰি আহিছে। এনে অৱস্থাত চীনে পৰেশ বৰুৱাক আটক কৰাৰ ক্ষেত্ৰত ভাৰতক সহায় কৰাটাে কিমানদূৰ সম্ভৱ হ’ব, সেয়া যথেষ্ট লক্ষণীয় হ’ব।
Share on Google Plus

About Unknown

0 comments:

Post a Comment