অখিল গগৈক ২৪ ঘণ্টাৰ বাবে আৰক্ষী জিম্মালৈ::জামিন পালেও পুনৰ গ্রেপ্তাৰৰ সম্ভাৱনা



কৃষক নেতা অখিল গগৈক কালি কলিয়াবৰ মহকুমা ন্যায়িক আদালতত হাজিৰ কৰােৱা য়। নগাঁও জিলা প্রশাসনে নগাঁও সদৰ থানাৰ পৰা অনা অখিল গগৈক লৈ পুৱা ৯.১৫ বজাত আদালত চৌহদত প্রৱেশ কৰে জখলাবন্ধ আৰক্ষী। জখলাবন্ধ আৰক্ষীয়ে সাত দিনৰ বাবে অখিলক নিজৰ জিন্মাত বিছাৰিছিল যদিও শুনানিৰ পিচত ন্যায়ালয়ে ২৪ ঘণ্টাৰ বাবে আৰক্ষীৰ জিম্মত দিয়ে অখিলক। ফলত আজি পুৱা পুনৰ কলিয়াবৰ আদালতত হাজিৰ কৰোৱা হ’ব অখিলক। উল্লেখ্য যে জখলাবন্ধা থানাত অখিলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২০/(৮)/১৪৭/১৪৮/১৪৯/৩০৭/৩৩৩/৪৩৫ ধাৰাৰ ১৩৯/১৬ নম্বৰৰ এক কোচৰ ৰুজু হৈছিল। অখিলৰ বিৰুদ্ধে লিপিবদ্ধ হৈ আছে দুটা জামিনবিহীন ধাৰাৰ লগতে মুঠ সাতটাকৈ ধাৰা। ইপিনে কৃষক মুক্তি সংগ্রাম সমিতিৰ একাংশ সদস্যই জনোৱামতে অখিল গগৈয়ে আজি ১৩৯/১৬ নম্বৰৰ গোচৰত জামিন লাভ কৰিলেও আন দুটা গোচৰত অখিল গগৈক আৰক্ষীয়ে গ্রেপ্তাৰৰ সম্ভাৱনা খুবেই প্রবল। এনেদৰে অখিল গগৈক দীর্ঘ সময়ৰ বাবে কাৰাৰুদ্ধ কৰাৰ ষড়যন্ত্র কৰিছে বুলি কৃষক মুক্তি সংগ্রাম সমিতিয়ে অভিযোগ কৰিছে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment