সন্ত্রাসবাদৰ মাতৃ পাকিস্তানক এঘৰীয়া কৰক:: ব্রিক্‌ছ শীর্ষ সন্মিলনত মোদীৰ আহ্বান



গোৱাত অনুষ্ঠিত ব্রিক্‌ছ শীর্ষ সন্মিলনৰ লগতে বিমষ্টেকাৰাে বার্ষিক শীর্ষ সন্মিলনত পাকিস্তানৰ বিৰুদ্ধে আক্রমণ অধিক তীব্ৰ কৰি ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মােড়ীয়ে তেওঁৰ দীঘলীয়া ভাষণত পাকিস্তানক পোনপটীয়াভাৱে ‘সন্ত্রাসবাদৰ মাতৃ’ আখ্যা দিয়ে। ব্রিকছ গোষ্ঠীভুক্ত দেশবােৰৰ শীর্ষ নেতৃবৰ্গৰ উদ্দেশ্যি মােড়ীয়ে কয়, পাকিস্তানে সন্ত্রাসবাদীক কেৱল সমর্থন দি আছে আৰু প্রতিপালনো কৰি আছে। তেওঁ ব্রিকছৰ ৰাষ্ট্রনায়কসকলক সন্ত্রাসবাদৰ বিৰুদ্ধে এক স্বৰত সৰৱ হ’বলৈও আবেদন জনায়। গোৱাৰ বেনলিমত ব্রিক্‌ছ শীর্ষ সন্মিলনত মােড়ীয়ে কয় যে সন্ত্রাসবাদৰ বিৰুদ্ধে বাছি বাছি যুঁজ চলালে কোনো ফল নহ’ব। যিবোৰ দেশে সন্ত্রাসবাদৰ জন্ম দিছে, প্রতিপালন সম্পূর্ণভাৱে এঘৰীয়া কৰিব লাগিব। মােড়ীয়ে ব্রিকছৰ নেতৃবৃন্দই সন্ত্রাসবাদৰ বিৰুদ্ধে যুঁজৰ ক্ষেত্ৰত ভাৰতৰ স্থিতিক সমর্থন দিছে বুলিও মন্তব্য কৰে। কিন্তু সন্ত্রাসবাদৰ বিৰুদ্ধে যুঁজিব লাগিব বুলি চীনা ৰাষ্ট্ৰপতিয়ে সাধাৰণভাৱে মন্তব্য কৰে যদিও পাকিস্তানী সন্ত্রাসবাদী মৌলানা মাছুদ আজহাৰৰ বিৰুদ্ধে আন্তর্জাতিক নিষেধাজ্ঞা আৰােপৰ বিৰােধিতা কৰি এক দুমুখীয়া আৰু ভণ্ড স্থিতি গ্রহণ কৰিছে। গোৱাত ব্রিক্‌ছ শীর্ষ সন্মিলনৰ লগতে বিমষ্টেকাৰাে বার্ষিক শীর্ষ সন্মিলন অনুষ্ঠিত হয়। বাংলাদেশ, ভাৰত, নেপাল, ভূটান, শ্ৰীলংকা, ম্যানমাৰ আৰু থাইলেণ্ডক লৈ এই বংগোপসাগৰীয় অর্থনৈতিক সহযোগিতা সংস্থাৰ শীর্ষ সন্মিলনত সন্মানিত অতিথি হিচাপে ব্রিকছৰ সদস্য ৰাষ্ট্ৰৰ শীর্ষ নেতৃবর্গও উপস্থিত থাকে। ব্রিকছৰ পাঁচ সদস্য দেশ যথাক্রমে ব্রাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্রিকাই এই অষ্টম শীর্ষ সন্মিলনত পাৰস্পৰিক অর্থনৈতিক সহযোগিতা অধিক বঢ়াই তোলাৰ ওপৰত গুৰুত্ব প্রদান কৰে। শনিবাৰে অনুষ্ঠিত ব্রিকছৰ বিজনেছ কাউন্সিলৰ বৈঠকত পূব এছিয়াৰ দেশবােৰৰ সৈতে বাণিজ্যত গুৰুত্ব প্রদান কৰাত প্রধানমন্ত্রী মোডীয়ে সন্তোষ প্রকাশ কৰে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment