ৰাজ্যত অন্তর্ধান ৬৪,৯৪৯ ভোটাৰ::১.৯৮ কোটি হলগৈ অসমত ভোটাৰৰ সংখ্যা





প্রায় ৬৫ হাজাৰ ভোটাৰ মাত্র ৯ মাহৰ ভিতৰতে ৰাজ্যৰ ভোটাৰ তালিকাৰ পৰা অন্তর্ধান হৈছে । ‘নির্বাচক পঞ্জীয়ন নিয়মাৱলী ১৯৬০’ অনুসৰি তথা দেশৰ নিৰ্বাচন আয়োগৰ নির্দেশমৰ্মে কালি ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিৰ বিপৰীতে প্ৰকাশ পায় খচৰা ভোটাৰ তালিকা। অসমৰ মুখ্য নির্বাচনী বিষয়াৰ কাৰ্যালয়ৰ তৰফৰ পৰা সদৰী কৰা তথ্য অনুসৰি খচৰা ভোটাৰ তালিকাতমুঠ ১,৯৮,০১,৫৪৭ জন নাগিৰিকৰ নাম সন্নিৱিষ্ট হৈছে। ইয়াৰে ১,০২:৩৪,৭০৯জন পুৰুষ আৰু ৯৫,৬৬,৮৩৮ গৰাকী মহিলা। লক্ষণীয়ভাৱে চলিত বৰ্ষত হােৱা সংক্ষিপ্ত সংশোধনীৰ অন্তত যোৱা ১১ জানুৱাৰীত প্রকাশিত ফটােযুক্ত চূড়ান্ত ভোটাৰ তালিকাত মুঠ ১,৯৮,৬৬,৪৯৬জন ভোটাৰৰ নাম সন্নিৱিষ্ট হৈছিল। সেই হিচাপত কালি প্রকাশিত খচৰা ভোটাৰ তালিকাত ৬৪,৯৪৯জন ভোটাৰৰ নাম হ্রাস হৈছে। হ্রাস পোৱাসকলৰ ভিতৰত আছে পুৰুষ আৰু মহিলা উভয় লিংগৰ ভোটাৰ। চলিত বৰ্ষৰ চূড়ান্ত ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল ১,০২,৭২,২৮৭জন পুৰুষ আৰু ৯৫,৯৪,২০৯ গৰাকী মহিলাৰ নাম। সেই অনুসৰি কালি প্রকাশিত খচৰা ভোটাৰ তালিকাৰ পৰা ৩৭,৫৭৮ জন পুৰুষ আৰু ২৭,৩৭১ গৰাকী মহিলা ভোটাৰৰ নাম নোহােৱা হৈছে। অৱশ্যে বিশেষ সংক্ষিপ্ত সংশোধনী প্রক্রিয়া সম্পন্ন হােৱাৰ পাছত অহা ২০ জানুৱাৰীত প্রকাশ পাবলগীয়া চূড়ান্ত ফটােযুক্ত ভোটাৰ তালিকাত ভোটাৰৰ সংখ্যা বৃদ্ধি পাব বুলি ধাৰণা কৰিব পাৰি। কিয়নাে যোৱাবাৰ প্ৰস্তুত কৰা তথা ২০১৫ চনৰ ১২ অক্টোবৰত প্রকাশিত খচৰা ভোটাৰ তালিকাত মুঠ ১,৯২,৩০,৬৫০জনৰ নাম অন্তভূক্ত হৈছিল। পাছত চূড়ান্ত পর্যােয়ত এই সংখ্যা হয়গৈ ১,৯৮,৬৬,৪৯৬ জন। তদুপৰি এইবাৰ ১৮ বছৰীয়া তথা এই বয়স অতিক্রম কৰা যথেষ্টসংখ্যক নৱপ্ৰজন্মৰ যুৱক-যুৱতীৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হােৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment