
ধন-ঐশ্বৰ্যৰ অধিষ্ঠাত্রী দেৱী শ্ৰীশ্ৰী লক্ষ্মীদেৱীৰ পূজা আজি। ৰাজ্যৰ প্ৰতিটাে অঞ্চল তথা পৰিয়ালত পৰম্পৰাগতভাৱে পূজাভাগ আগবঢ়াবলৈ আৰম্ভ হৈছে ব্যাপক প্রস্তুতি। অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ মাজতো ধনৰ অধিষ্ঠাত্রী দেৱীগৰাকীৰ পূজাৰ বাবে আজি ৰাজ্যৰ প্ৰতিখন ৰাজহুৱা পূজাস্থলীতো ব্যাপক ব্যস্ততা দেখা যায়। বিশেষকৈ নামনি অসমৰ হাউলী, বিজনী, অভয়াপুৰী, টিহু, নলবাৰী আদি আয়ােজন সম্পূর্ণ কৰি তুলিছে। ৰাজহুৱা পূজাৰ সমান্তৰালকৈ ধন-ঐশ্বৰ্ষৰ দেবী চৰণত এপাহি পুষ্পাঞ্জলি দিয়াৰ বাবে প্ৰতিখন ঘৰত অনুষ্টুপীয়াকৈ হ’লেও আয়ােজন চলিছে। উল্লেখ্য যে আজি দিনৰ ১২.১৮ বজাৰ পৰা দেওবাৰৰ পূৱা ১০.১১ বজালৈ পূজাৰ সময় স্থিৰ কৰা হৈছে। ইফালে লক্ষ্মীপূজা উপলক্ষে ৰাজ্যৰ বজাৰ পূজাৰ উপাচাৰেৰে উভৈনদী হৈ পৰিছে। দেৱীৰ প্ৰতিমাৰ লগতে ধানৰ সীহ, চাকি আৰু অন্যান্য সামগ্ৰীৰে ভৰাই তুলিছে বজাৰ। মন কৰিবলগীয়া যে শাৰদীয় দুর্গাপূজাৰ বাবে ৰাজ্যত খাদ্য-সামগ্ৰীৰ লগতে ফলমূল আৰু অন্যান্য সামগ্ৰীৰ মূল্য যিধৰণে বৃদ্ধি পাইছিল, লক্ষ্মীপূজাৰ প্ৰাকীক্ষণত সাধাৰণ ৰাইজে একেই মূল্যবৃদ্ধিৰ কবলত পৰিবলগীয়া হৈছে। অৱশ্যে এনে মূল্যবৃদ্ধিৰ মাজতে পৰিয়াললৈ ধন-ঐশ্বর্য, সুখ-শাস্তিৰে ভৰি পৰাৰ প্রার্থনাৰে দেৱী লক্ষ্মীক আৰাধনা কৰিব।
0 comments:
Post a Comment