ভোটাৰ তালিকা প্ৰকাশ :: বিশেষ সংক্ষিপ্ত সংশোধনী ২০১৭ৰ সময়সূচী নির্ধাৰণ





‘নির্বাচক পঞ্জীয়ন নিয়মাৱলী ১৯৬০’ অনুসৰি তথা দেশৰ নিৰ্বাচন আয়োগৰ নির্দেশমৰ্মে কালি ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিৰ বিপৰীতে প্ৰকাশ পায় খচৰা ভোটাৰ তালিকা। লগতে  অসমৰ মুখ্য নির্বাচনী বিষয়াই এই ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী ২০১৭ৰ সময়সূচী নির্ধাৰণ কৰি দিছে । সেই অনুসৰি প্রকাশিত খচৰা ভোটাৰ তালিকাৰ বিপৰীতে কাৰোবাৰ কিবা দাবী আৰু ওজৰ-আপত্তি থাকিলে সেয়া ১৪ অক্টোবৰৰ পৰা ১৫ নৱেম্বৰৰ ভিতৰত দাখিল কৰিব পাৰিব। ১৮ অক্টোবৰ আৰু ২ নৱেম্বৰ হৈছে গ্রাম্যসভা, স্থানীয় নিকায় আদিত ফটােযুক্ত ভোটাৰ তালিকাৰ সংশ্লিষ্ট অংশ পাঠ কৰাৰ লগতে নাম পৰীক্ষণৰ দিন। ২৩ অক্টোবৰ আৰু ১৩ নৱেম্বৰত ৰাজনৈতিক দলসমূহৰ বুথ পর্যােয়ত প্রতিনিধিৰ (বি এল এ) সৈতে দাবী আৰু ওজৰ-আপত্তি গ্ৰহণৰ বাবে বিশেষ প্ৰচাৰ অভিযান চলাব। ১৫ ডিচেম্বৰৰ ভিতৰত দাবী আৰু ওজৰআপত্তি নিষ্পত্তিৰ সময় ধার্য কৰা হৈছে। আগন্তুক বৰ্ষৰ ৫ জানুৱাৰীৰ ভিতৰত ডাটাবেচ উন্নীতকৰণ, ফটাে সংযোজন আদি অন্যান্য কার্যৰ লগতে ছপা কৰা হ'ব পৰিপূৰক তালিকা। এই প্রক্রিয়া সম্পন্ন হােৱাৰ অন্তত ২০ জানুৱাৰীত নির্বাচন আয়ােগে ফটােযুক্ত চূড়ান্ত ভোটাৰ তালিকা প্রকাশ কৰিব। 
Share on Google Plus

About Unknown

0 comments:

Post a Comment