আৰম্ভ হ’ল বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিতাড়ন প্রক্রিয়া ::১০ বাংলাদেশীক প্রত্যর্পণ



বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিতাড়ন প্রক্রিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হ’ল । কালি শিলচৰ ডিটেনচন কোম্পত বন্দী হৈ থকা ১০ বাংলাদেশীক প্রত্যর্পণ কৰা হয়। এই ১০ বাংলাদেশীৰ ভিতৰত দুটি শিশুও আছে । আটাইকেইজনকে শিলচৰ ডিটেনচন কেম্পৰ পৰা গাড়ীৰে কৰিমগঞ্জ জিলাৰ অন্তর্গত সূতাৰকান্দি সংলগ্ন সীমান্তলৈ অনাৰ পাছত সীমা সুৰক্ষা বাহিনীয়ে (বি এছ এফ)। কালিবাৰী ঘাটত নাৱত উঠাই কুচিয়াৰা নৈৰ সিপাৰত আটাইকেইজনকে বাংলাদেশ চৰকাৰৰ কর্তৃপক্ষৰ হাতত গতাই দিয়ে। কেন্দ্রীয় গৃহ মন্ত্র্যালয়ৰ সিদ্ধান্তমৰ্মে সমগ্র প্রক্রিয়া সম্পন্ন কৰা বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে কাছাৰ জিলাৰ উপায়ুক্ত এছ বিশ্বনাথনে। তেওঁ সদৰী কৰা অনুসৰি বিতাড়িত বাংলাদেশীকেইজন হ’ল— আজিমুদ্দিন, শ্যামল পাল, আনােৱাৰ হুছেইন, মহম্মদ ছামিম, হাবুল আহমেদ, আনামুদ্দিন, বাসুদেৱ ৰায় আৰু অৰ্চনা বিশ্বাস। বাসুদেৱ-অৰ্চনাৰ দুই পুত্ৰ সন্তান গোপাল আৰু গোবিন্দকে গতাই দিয়া হয়। বাংলাদেশ চৰকাৰৰ কর্তৃপক্ষৰ হাতত। কাছাৰ জিলা প্রশাসনৰ এক সত্ৰই জানিবলৈ দিয়া মতে, বিতাড়ন কৰা বাংলাদেশীকেইজনৰ ভিতৰত ৯জন কৰিমগঞ্জত আৰু ১জন শিলচৰত ধৰা পৰিছিল। তাৰ পাছৰে পৰা অনুপ্ৰৱেশকাৰীকেইজনক ৰখা হৈছে শিলচৰ ডিটেনচন কেম্পত। বর্তমানেও শিলচৰ ডিটেনচন কেম্পত প্রায় ৬০জন বাংলাদেশী নাগৰিক আছে বুলি সূত্ৰটােত প্রকাশ।
Share on Google Plus

About Unknown

0 comments:

Post a Comment