মুগাৰ সাজেৰে তাজ ভিভাণ্টাত জিলিকিল কুৰিগৰাকী সুন্দৰী::'গোল্ডেন থ্রেডছৰ এক অনন্য প্রয়াস




সোণালী সূতাৰ দেশ অসমৰ মুগা সূতাই আন্তঃৰাষ্ট্ৰীয় পর্যায়লৈ প্ৰসাৰিত হােৱাৰ প্রক্রিয়া যেন 'গোল্ডেন থ্রেডছৰ জৰিয়তে আৰম্ভ হ’ল।দেশৰ কেইবাগৰাকীও আগশাৰীৰ অভিনেত্রী, ফেশ্বন ডিজাইনাৰ, মডেলৰ অংশগ্রহণেৰে কালিৰ এই অনুষ্ঠানৰ জৰিয়তে অসমৰ মুগা শিল্পই লাভ কৰিলে এক নতুন উচ্চতা। দেশৰ প্ৰখ্যাত ফেশ্বন ডিজাইনাৰ শ্যামন্ত চৌহানে মুগা সূতাৰে বিশেষভাৱে প্ৰস্তুত কৰি উলিওৱা সাজ-পোছাক পৰিধান কৰি ৰেম্পত নামিল অসমৰ কুৰিগৰাকীতকৈও অধিক মডেল। ‘প্রাইড ইষ্ট এণ্টাৰটেইনমেন্ট প্রাইভেট লিমিটেড'ৰ এই প্রয়াসত যেন সোণত সুৱগা চৰালে বলীউডৰ জনপ্রিয় অভিনেত্রী সোণাল চৌহানে। বলীউডৰ সুন্দৰী অভিনেত্ৰীগৰাকীয়ে মুগা সূতাৰে প্ৰস্তুত কৰি উলিওৱা পোছাক পৰিধান কৰি ৰেম্পত খোজ দিয়ে। এই নতুন অভিজ্ঞতাৰ সাক্ষী হৈ অভিনেত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে প্রথমবাৰৰ বাবে তেওঁ মুগাৰ সাজ পৰিধান কৰিছে আৰু এক অভিনৱ অভিজ্ঞতা লাভ কৰিছে। মুগাৰ সাজ দেখিবলৈও অতি সন্ত্রান্ত। যাৰ এক বিশ্বজনীন গ্রহণযোগ্যতা আছে। মুগাৰ পোছাকৰ প্ৰসাৰৰ বাবে ‘প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডে' আয়োজন কৰা এই অনুষ্ঠানত ভাগ ল’বলৈ পাই আনন্দিত বুলি মন্তব্য কৰি সোণাল চৌহানে আৰু কয়— ‘‘এয়া এক মহৎ প্রয়াস। আশা কৰিছোঁ মুগাৰ পােছাক এদিন গােটেই পৃথিৱীতে জনপ্রিয় হ’ব।” মুগাৰ পোছাকৰ সম্ভাৱনাৰ বিষয়ে ব্যক্ত কৰি প্রখ্যাত ফেশ্বন ডিজাইনাৰ শ্যামন্ত চৌহানে কয় যে মুগা সূতাৰ আটাইতকৈ ভাল দিশটাে হৈছে এই সূতাৰে যিকোনাে পােছাক প্রস্তুত কৰিব পাৰি। তদুপৰি এইবিধ সূতাৰ গুণগত মান অতি ভাল। সেই বাবেই মুগাৰে প্ৰস্তুত কৰা পোছাকে সমগ্ৰ বিশ্বত জনপ্রিয়তা লাভ কৰাৰ প্ৰচুৰ সম্ভাৱনা আছে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment