সেনা জোঁৱানৰ বাবেহে আমি নিশা শান্তিৰে শুব পাৰিছো ::প্রধানমন্ত্রী মােদী





আমাৰ সেনাই কথা নকয়, তেওঁলোকে বীৰত্বহে দেখুৱায়।জোঁৱানে নিজৰ জীৱন ত্যাগ কৰে বাবেহে আমি নিশা শাস্তিৰে শুই থাকিব পাৰিছো। —এই মন্তব্য দেশৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ। প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে কালি মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালত শৌর্য স্মাৰক (যুদ্ধ স্মাৰক) উন্মোচন কৰি এই মন্তব্যৰে ভাৰতীয় সেনাৰ বীৰত্বক ভূয়সী প্রশংসা কৰে । ভূপালৰ লালপেৰেড গ্রাউণ্ডত অনুষ্ঠিত বিশাল সভাত প্রাক্তন সেনা জোৱানক সম্বোধন কৰি প্ৰধানমন্ত্রী মোদীয়ে কয়— যেতিয়া আমি আমাৰ সেনাৰ বিষয়ে কথা পাতোঁ, অধিক সময় তেওঁলোকৰ পোছাক, তেওঁলোকৰ বীৰত্বক লৈ পাতো। কিন্তু তেওঁলোকৰ মানৱীয়তাৰ দৃষ্টান্ত আমি লক্ষ্য কৰিব লাগে। দেশৰ সাহসী জোৱানক শ্রদ্ধাঞ্জলি জনাবলৈ এই ঐতিহাসিক দিনটােত সুযোগ লাভ কৰাৰ বাবে গৌৰৱান্বিত হােৱা বুলি উল্লেখ কৰি প্ৰধানমন্ত্রী মোদীয়ে কয় যে ৰাষ্ট্ৰসংঘৰ শাস্তিৰক্ষা বাহিনীত ভাৰতে বৃহত্তম অৱদান আগবঢ়াই আহিছে। ভাৰতৰ সেনাই য়েমেনৰ পৰা দুৰ্দশাগ্ৰস্ত লোকক উদ্ধাৰত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে আৰু যিসকলক উদ্ধাৰ কৰা হৈছে, সেইসকল ভাৰতীয়ই নহয়, আনকি পাকিস্তানীও। সীমান্তত ভাৰতীয় সেনাই পহৰা দি থকা সেনাৰ সাহসিকতাক প্রশংসা কৰি প্ৰধানমন্ত্রী মোদীয়ে কয়— সীমান্তত পহৰা দি দেশক ৰক্ষা কৰি থকাই নহয়, দুর্যোগৰ সময়তো সেনাই দেশবাসীক উদ্ধাৰ কৰি আহিছে। শ্ৰীনগৰৰ বানপানীৰ প্ৰসংগ উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে অঞ্চলটােত উদ্ধাৰ আৰু সাহায্য অভিযান চলোৱা সেনাই তেওঁলোকৰ দায়িত্ব পালন কৰোঁতে কেতিয়াও নাভাবে যে সেই লোকসকলে তেওঁলোকক এদিন শিলা নিক্ষেপ কৰিছিল। প্রধানমন্ত্রীগৰাকীয়ে প্রাক্তন সেনা জোৱানৰ এক পদ এক পেন্সন দাবীও তেওঁৰ চৰকাৰে সম্পূর্ণ কৰা বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে। 



Share on Google Plus

About Unknown

0 comments:

Post a Comment