ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালক ফুলদানি আখ্যা দি বিজেপিক তীব্র সমালোচনা কৰিছে প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে। গগৈয়ে কয়— ‘সর্বানন্দ এতিয়া ফুলদানিহে। তেওঁ আচল মুখ্যমন্ত্রী নহয়, আচল মুখ্যমন্ত্রী হিমন্তবিশ্ব শর্মাহে। অসমৰ এতিয়া মুখ্যমন্ত্রী কোন, তাক লৈ ৰাইজৰ মনত সন্দেহৰ সৃষ্টি হৈছে। এজন নামত মুখ্যমন্ত্রী হৈ আছে, কিন্তু আনজনেহে বেছি কথা কয়।” হিমন্তবিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য হিচাপে লৈ গগৈয়ে পুনৰ কয়— ‘সর্বানন্দ সোণোৱালে পূৰ্বতে যিজনক কেলেংকাৰীৰ নায়ক আখ্যা দিছিল, লুইছবাৰ্গৰ কেলেংকাৰীত অভিযুক্ত বুলি কৈছিল, সেইজন এতিয়া বিজেপিলৈ যোৱাৰ পিচত সত্যনাৰায়ণ হৈ পৰিল। সেইজনকে বিজেপিয়ে উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ এহেজাৰ কোটিটকীয়া কেলেংকাৰীত জড়িত বুলিও পূর্বতে কৈছিল। আমাৰ দলত থাকোতে তেওঁ অশুদ্ধ আছিল। কিন্তু এতিয়া বিজেপিলৈ গৈ শুদ্ধ হৈ গ’ল।কংগ্ৰেছত থাকোতে ধর্মনিৰপেক্ষতাৰ কথা কোৱা নেতাজন। এতিয়া ডাঙৰ হিন্দুহৈ গ’ল।”
সর্বানন্দ সোণোৱাল ফুলদানি, হিমন্তবিশ্ব শর্মাহে আচল মুখ্যমন্ত্রী::তৰুণ গগৈ

0 comments:
Post a Comment