অসম চৰকাৰৰ শিক্ষকৰ মোবাইল ট্ৰেকিঙৰ বাতৰি আৰু কিছু প্ৰশ্ন ঃ-
৫৭০০০ শিক্ষকক যদি চৰকাৰে মোবাইল দিয়ে
৫৭০০০*৩০০০=১৭১০০০০০০ টকা ।
যদি ৩০ টকাকৈ এবছৰ প্ৰতিজন শিক্ষকে প্ৰতি মাহত মেচেজ প্ৰেক লৈয় ৫৭০০০ *৩০=১৭১০০০০ *১২=২০৫২০০০০ টকা ।
যদি প্ৰতিজন শিক্ষকে ১০০ টকাকৈ এবছৰ নেট প্ৰেক লৈয় ৫৭০০০ *১০০=৫৭০০০০০ *১২=৬৮৪০০০০০ টকা । চৰকাৰে কেৱল বানিজ্যিক কমিচনৰ স্বাথতেই শিক্ষকৰ ওপৰত মোবাইল ট্ৰেকিং ব্যৱস্হা জাপি দিবলৈ চেষ্টা কৰাৰ সম্ভাৱনা নোই কৰিৱ নোৱাৰি !!
যদি চৰকাৰে এই ব্যৱস্হা প্ৰচলন কৰে ! তেনেহলে তলৰ প্ৰশ্নসমূহো ভাৱি চাৱলগীয়া ঃ-
১/ অতি ভিতৰোৱা আৰু চৰ অঞ্চলত সকলো সময়তে নেট পাৱনে ?
২/ এটা বিজুলী গাজনি মাৰিলেই ৩/৪ দিনলৈ কাৰেণ্ট নথকা অসমত নেটৱক থকাটো বাদেই বেটেৰী চাৰ্জ দিৱলৈ সুবিধা নথকা চৰত কেনেকৈ প্ৰতিদিনে ট্ৰেকিং কৰিব ?
৩/ চহৰৰ পৰা দূৰত দূৰ্গম অঞ্চলত থাকি নৈ পাৰ হৈ যোৱা শিক্ষকৰ পানীত পৰিয়েই হওঁক বা অন্য কাৰণত মোবাইল বেয়া হলে , ভাল কৰিবলৈ যাৱৰ বাবে ১২ দিন কেজুল লিভৰ বাদে বেলেগকৈ চুটি দিৱনে নিদিয়ে ? নে সেই দিনাৰ দৰমহাও কাতিব । বাকী শিক্ষক জনৰ ৩৬৫ দিনৰ নেটপ্ৰেক, বেয়াহলে মেৰামেতিৰ খৰছ কোনে দিব ?
যি সময়ত শিক্ষকক পাঠ দান বা বিদ্যালয়ত উপস্হিত থকাৰ সময়ত শিক্ষা ব্যৱস্হাৰ উন্নতিৰ স্বাৰ্থত মোৱাইল ফোন সম্পূৰ্ণ চুইচ অফ কৰিবলৈ বাধ্য কৰিব লাগিছিল , সেই সময়ত বাধ্যতামোলক মোবাইল খুলি ৰাখিব লগা ব্যৱস্হাই শিক্ষাৰ মানদণ্ড কোনফাললৈ নিয়ে সেয়া সময়হে ক'ৱ ।কথাবোৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই বিবেচনা কৰিব বুলি আশা ৰাখিলো ।[ৰুদ্র ভূঞা]
0 comments:
Post a Comment