পাক সন্ত্রাসবাদীৰ বুপ্রিন্ট ::আৰব সাগৰ আৰু কাশ্মীৰ সীমান্তইদি ভাৰত আক্ৰমণৰ লক্ষ্য



পাকিস্তানী সেনাৰ পৃষ্ঠপোষকতাত পাক সন্ত্রাসবাদীয়ে আৰব সাগৰ আৰু কাশ্মীৰ সীমান্তইদি ভাৰত আক্ৰমণৰ বুপ্রিন্ট বিৰুদ্ধে চূড়ান্ত কৰি পেলাইছে। পাকিস্তানী জেহাদীয়ে কৰাচীৰ পৰা দুখনকৈ সন্দেহজনক সন্ত্রাসবাদীভর্তি মেচিন নাৱৰ তথ্য লাভৰ কেইঘণ্টামানৰ পিচতে বাৰামুলাত ভয়ংকৰ আক্রমণ সংঘটিত কৰে । কালি পৰিস্থিতিৰ পর্যালোচনাৰ বাবে প্ৰতিৰক্ষা মন্ত্রী মনোহৰ পাৰিকৰৰ অধ্যক্ষতাত স্থল সেনা, বায়ু সেনা আৰু নীে সেনাৰ মুৰব্বীসকলৰ ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয়। প্রধানমন্ত্রীক সাক্ষাৎ কৰি সংঘৰ্ষৰ সবিশেষ দাঙি ধৰে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে। পাক অধিকৃত কাশ্মীৰত সন্ত্রাসবাদী শিবিৰত তিনি দিন আগতে ভাৰতে দুঃসাহসিক ছাৰ্জিকেল ষ্ট্রইক” কৰাৰ পোটক তোলাৰ বাবে দেওবাৰে ৰাতি সন্ত্রাসবাদীয়ে আক্ৰমণৰ লক্ষ্য কৰি লয় বাৰামুলাৰ সেনা-বি এছ এফ শিবিৰক। উত্তৰ কাশ্মীৰৰ বাৰামুলাৰে সেনা-বি এছ এফ শিবিৰত চাৰি-পাঁচজনীয়া সন্ত্রাসবাদীয়ে আক্রমণ চলায়। প্রায় দুঘণ্টা ধৰি চলা বি এছ এফ-সেনা আৰু সন্ত্রাসবাদীৰ মাজত গুলীয়াগুলি অব্যাহত থাকে। বাৰামুলাৰ মূল চহৰত থকা ৪৬ নং ৰাষ্ট্ৰীয় ৰাইফলৰ শিবিৰত আৰু নিকটৱতী বি এছ এফ শিবিৰত দুটা দলত অহা সন্ত্রাসবাদীয়ে ৰাতি প্রায় ১০.৩০ বজাত আক্রমণ চলায় প্রচণ্ড গুলীবর্ষণ আৰু গ্রেনেড বিস্ফোৰণেৰে। দুই ঘণ্টা ধৰি সংঘর্ষ অব্যাহত থাকে। যদিও আন্ধাৰৰ আঁৰ লৈ সন্ত্রাসবাদীৰ দলে পলায়ন কৰিবলৈ সক্ষম হয়। সন্ত্রাসবাদীৰে সংঘৰ্ষত বি এছ এফৰ এজন জোৱান নিহত আৰু আন এজন জোৱান গুৰুতৰভাৱে আহত হয়। বি এছ এফৰ সূত্ৰৰ মতে বি এছ এফ আৰু সেনাৰ গুলীত দুজনকৈ সন্ত্রাসবাদী নিহত হৈছে। বাৰামুলাত নিহত হােৱা নীতিন নামৰ জোৱানজনৰ ঘৰ উত্তৰ প্ৰদেশৰ এতোৱা জিলাত। ২৪ বছৰীয়া নীতিন আছিল বি এছ এফৰ ৪০ সংখ্যক বেটেলিয়নৰ জোৱান। সন্ত্রাসবাদীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় বি এছ এফৰ ৪০ সংখ্যক বেটেলিয়নৰ আন এজন জোৱান ফুলবিন্দৰ। এই আক্ৰমণৰ পিচতে শ্ৰীনগৰ-বাৰামুলা-উৰি-চালামাবাদ ৰাষ্ট্ৰীয় পথত যানবাহনৰ চলাচল বন্ধ কৰি দিয়া হয়। এটা সূত্ৰৰ মতে সন্ত্রাসবাদীৰ সম্ভাব্য আক্ৰমণৰ আগতীয়া তথ্য লাভ কৰিছিল। বি এছ এফে। এই আক্ৰমণৰ পিচত প্রায় ছঘণ্টা ধৰি সন্ত্রাসবাদীৰ সন্ধানত সেনাই অভিযান চলায়। সেনাই অভিযান চলাই জি পি এছকে ধৰি সন্ত্রাসবাদীয়ে ব্যৱহাৰ কৰা বিভিন্ন সা-সৰঞ্জাম উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ইপিনে ভাৰতৰ ৰাষ্ট্ৰীয় সেউজ প্রাধিকৰণৰ ৱেবছাইট হেক্‌ কৰে পাকিস্তানৰ হেকাৰে। হেকাৰসকলৰ মতে পাক অধিকৃত কাশ্মীৰত ভাৰতে চলোৱা আক্ৰমণৰ এয়া প্রতিশোধ।
Share on Google Plus

About Unknown

0 comments:

Post a Comment