হিন্দু বাংলাদেশীক লৈ অস্বস্তিত অগপ::নৱেম্বৰত পদ হেৰুৱাব অতুল বৰা আৰু কেশৱ মহন্তই

অসম গন পৰিষদ দলৰ নেতৃত্ব অহা নৱেম্বৰ মাহত সলনি হােৱাটাে প্রায় নিশ্চিত। উল্লেখ্য যে কালি দিছপুৰত অনুষ্ঠিত হৈ যোৱা অগপৰ কর্ণধাৰ কমিটীৰ বৈঠকত অহা ২৭ নৱেম্বৰত গুৱাহাটীত কেন্দ্রীয় অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰা হৈছে । এই কেন্দ্রীয় অধিৱেশনতে বর্তমানৰ সভাপতি অতুল বৰাক দায়িত্বৰ পৰা অব্যাহতি দি নতুন এজনক সভাপতিৰ দায়িত্ব দিয়াৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে। দলৰ সভাপতিৰ দায়িত্বৰ লগতে অতুল বৰাই মিত্ৰজোঁটৰ চৰকাৰৰ কেবিনেট মন্ত্রী হিচাপেও দায়িত্ব গ্রহণ কৰি আছে। সেয়েহে অতুল বৰাক দলৰ দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ চিন্তা-চৰ্চা বহুদিনৰ পৰা চলি আছিল। তদুপৰি হ’বলগীয়া কেন্দ্রীয় অধিৱেশনৰ সময়লৈকে অতুল বৰাৰ কার্যকাল আছিল। সেয়েহে কেন্দ্রীয় অধিৱেশনত আঞ্চলিক দলটোৱে সভাপতি সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰাৰ সম্ভাৱনা আছে। আনহাতে অতুল বৰাই মিত্ৰজোঁটৰ চৰকাৰৰ কেবিনেট মন্ত্রী হিচাপেও দায়িত্ব গ্রহণ কৰি থকাৰ বাবে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্রদানক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হােৱা প্রতিক্রিয়াৰ বিপৰীতে অগপই এইক্ষেত্ৰত কঠোৰ স্থিতি দেখুৱাবলৈ সক্ষম হােৱা নাই। বিশেষকৈ যোৱা সময়ছোৱাত ৰাজ্যৰ দল-সংগঠন একত্ৰিত হৈ নাগৰিকত্ব আইনে অসম চুক্তি উলংঘন কৰিব বুলি আঙুলিয়াই অহাৰ পাছতো অগপৰ স্থিতি এইক্ষেত্ৰত যথেষ্ট নৰম বুলিয়ে বিবেচিত হৈছে। আনকি বিষয়টােক লৈ দলৰ ভিতৰচ'ৰাত তীব্র মতানৈক্যৰাে সৃষ্টি হৈছে। দৰাচলতে দলৰ সভাপতি লৈ থকা হেতুকে অগপৰ নীতিবিৰুদ্ধ ইছাবোৰত সবল প্রতিবাদ সাব্যস্ত নােহােৱা বুলিয়ে ধাৰণা কৰা হৈছে। সূত্ৰটােৱে এইক্ষেত্ৰত সভাপতি অতুল বৰাক দোষী কৰাৰ সমান্তৰালকৈ ইয়াকো আঙুলিয়াই দিয়ে যে বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ কেবিনেট মন্ত্রীৰ দায়িত্বত থকা হেতুকে অতুল বৰা বা কেশৱ মহন্তই মুকলিকৈ নাগৰিকত্ব আইনৰ বিৰুদ্ধে কঠোৰ স্থিতি দেখুৱাব নোৱাৰে। যাৰ বাবে দল বহুপৰিমাণে ক্ষতিগ্রস্ত হৈছে। জাতি-ধর্ম নির্বিশেষে ১৯৭১ চনৰ পাছত অহা সকলো অবৈধ বিদেশী এই ৰাজ্যৰ পৰা বিতাড়িত হ’ব লাগিব বুলি অগপই যি দাবী উত্থাপন কৰি আহিছে, সতর্ক হৈ পৰা একাংশ তৃণমূল পর্যায়ৰ কর্মী আৰু নেতাই সেয়ে দলটােৰ ভাবমূর্তি অটুট ৰখাৰ তাগিদাত মিত্ৰজোঁটৰ চৰকাৰৰ মন্ত্রী অতুল বৰাক আৰু দলৰ কাৰ্যকৰী সভাপতি হিচাপে থকা কেশৱ মহন্তক দলীয় দায়িত্বৰ পৰা আঁতৰাই পৰিত্ৰাণৰ পথ বিচাৰিছে। হাতত এমাহ সময় থকা অৱস্থাত দলটােৱে এই সময়ছোৱাত পৰৱর্তী সভাপতি কোন হ’ব তাক লৈ কিছু কুচকাৱাজ কৰা বাবেও চিন্তাচর্চা কৰিব বুলি ধাৰণা কৰা হৈছে। এনে কুচকাৱাজৰ মাজতে অগপৰ নতুন সভাপতিৰ বাবে উচ্চাৰিত হৈছে দলৰ জ্যেষ্ঠ নেতা তথা প্রাক্তন কেন্দ্রীয় মন্ত্রী বীৰেন্দ্র প্রসাদ বৈশ্য আৰু বিধায়ক ফণীভূষণ চৌধুৰীৰ নাম।
Share on Google Plus

About Unknown

0 comments:

Post a Comment