ভাৰত-বাংলাদেশ সীমান্তত বাংলা আৰু উর্দু ভাষাৰ বার্তালাপী হাম ৰেডিঅ’ই বিগত কেইবামাহ ধৰি লাভ কৰাৰ পাছতে অঞ্চলত সন্ত্রাসবাদীৰ গতিবিধিক লৈ আশংকা বৃদ্ধি পাইছে। ভাৰত-বাংলাদেশ সীমান্ত, বিশেষকৈ চুবুৰীয়া ৰাজ্য পশ্চিমবংগত এমেচাৰ হাম ৰেডিঅ’ৰ অপাৰেটৰে সন্দেহজনক ৰেডিঅ’ ছিগনেল অস্বীকৃত ৰেডিঅ’ সংযোগৰ পৰা লাভ কৰাৰ পাছতেই বিষয়টোক গভীৰতাৰে লৈ বেংগল এমেচাৰ ৰেডিঅ’ ক্লাবৰ সম্পাদক অম্বৰীশ নাগ বিশ্বাসে সংযোগ আৰু তথ্য প্রযুক্তি বিভাগক লিখিতভাৱে অৱগত কৰায়। কেন্দ্ৰক বিষয়টাে অৱগত কৰোৱাৰ পাছতেই ২৩জনীয়া হাম ৰেডিঅ’ অপাৰেটৰে সন্দেহজনক ৰেডিঅ' ছিগনেলৰ সঠিক স্থান উলিয়াবলৈ ২৪ ঘণ্টাকৈ নিৰীক্ষণ কৰাৰ অন্তত অস্বীকৃত ৰেডিঅ’ সংযোগৰ পৰা বাংলা আৰু উর্দুত বার্তালাপ কৰাটাে নিশ্চিত কৰে আৰু এই বার্তালাপ পশ্চিমবংগৰ বছিৰহাট আৰু সুন্দৰবনৰ পৰা চলাটােও নিশ্চিত হয়। ৰেডিঅ’ সংযোগেৰে বাংলা আৰু উর্দু ভাষাত বার্তালাপ সন্দেহযুক্ত সন্ত্রাসবাদীৰ বুলি ঠাৱৰ কৰি অঞ্চলব্যাপী সকীয়নি বার্তা নিৰাপত্তা বাহিনীক প্রদান কৰা হৈছে। বেংগল এমেচাৰ ৰেডিঅ’ ক্লাবৰ সম্পাদক বিশ্বাসে সদৰী কৰা মতে ঘটনাটি অতি ৰহস্যজনক আৰু সুৰক্ষাৰ প্ৰতি ভাবুকি। কিয়নাে, যেতিয়াই তেওঁলোকে সেই সন্দেহজনক বার্তালাপকাৰীৰ সৈতে সংযোগ কৰিব বিচাৰে তেতিয়াই বন্ধ কৰি দিয়ে। পাছত পুনৰ বাংলা আৰু উর্দুত কথা পাতিবলৈ ধৰে। মন কৰিবলগীয়া যে ২০০২-০৩ চনত এনে ধৰণৰ বার্তালাপৰ পাছতেই দক্ষিণ ২৪ পৰগণাৰ গংগাসাগৰৰ পৰা ছজন সন্ত্রাসবাদীক গ্রেপ্তাৰ কৰা হৈছিল। এনে কাৰণতেই আই বিৰ শীর্ষ বিষয়াই উক্ত অঞ্চলসমূহত সন্ত্রাসবাদীৰ স্থিতিক লৈ নিৰাপত্তা বাহিনীক সক্রিয় হৈ থাকিবলৈ সতর্কবাণী প্ৰেৰণ কৰিছে।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment