ছাউথ এছিয়ান এজ গ্রুপ সাঁতােৰত পাঁচটা সোণ, এটা ৰূপৰ পদকেৰে উজলিল যোৰহাটৰ


শ্ৰীলংকাৰ কলম্বোত অনুষ্ঠিত ছাউথ এছিয়ান এ'জ গ্রুপ সাতোৰ প্ৰতিযোগিতাত ভাৰতীয় দলক প্রতিনিধিত্ব কৰা অসম তথা যোৰহাটৰ গৌৰৱ বাস্তৱ তপন বৰদলৈয়ে আজি ষষ্ঠটো পদকৰে এছিয়াৰ ভিতৰতে ফাষ্টেচ জুনিয়ৰ ছুইমাৰ হিচাপে বিবেচিত হৈছে। কালিলৈকে তিনিটা স্বর্ণ আৰু এটা ৰূপৰ ব্যক্তিগত ভাৱে শীর্ষত থকা বাস্তৱে আজি ৫০ মিটাৰ ফ্রী ষ্টাইলত স্বর্ণ পদ লাভ কৰাৰ লগতে ৪x২০০ মিটাৰ ফ্ৰী ষ্টাইলত আন এটা স্বর্ণ জয় কৰি বিৰল কৃতিত্বৰ অধিকাৰী হয়। যোৰহাট জেইল ৰ’ডৰ তপন বৰদলৈ আৰু অনুপমা বৰদলৈৰ পুত্র বাস্তৱে যোৰহাট ছুইমিং ছচাইটত সাঁতোৰ প্ৰশিক্ষণ গ্রহণ কৰাৰ পাছত সম্প্রতি দিল্লীত উচ্চ প্রশিক্ষণ গ্রহণ কৰি আছে। বাস্তৱৰ এই সাফল্যত যোৰহাটৰ ক্রীড়া মহলত উল্লাস পৰিলক্ষিত হৈছে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment