বাৰাণসীত ধর্মীয় উৎসৱৰ শোভাযাত্ৰাত অঘটন:: পদপিষ্ট হৈ ২৫ ভক্তৰ কৰুণ মৃত্যু


बनारस में पुल पर भगदड़ से 24 की मौत, जय गुरुदेव संगठन की शोभा यात्रा में आए थे मंजूरी से ज्यादा लोग

প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্রতিনিধিত্ব কৰা উত্তৰ প্ৰদেশৰ বাৰাণসীত কালি এক ধর্মীয় উৎসৱত অংশগ্রহণ কৰা হাজাৰ হাজাৰ লোকৰ ঠেলা-হেঁচাত প্ৰাণ দিবলগীয়া হ’ল ২৫ জনকৈ ভক্তই। বাৰাণসীত সংঘটিত এই ঘটনাই সমগ্ৰ উত্তৰ প্ৰদেশকে জোকাৰি গৈছে। সংবাদ প্রতিষ্ঠানৰ বাতৰি অনুসৰি গড়মেন হিচাপে পৰিচিত, ২০১২ চনত মৃত্যুবৰণ কৰা জয়গুৰুদেৱৰ আশ্ৰমত প্রতি বছৰৰ দৰে এই বছৰাে আজিৰ দিনটােত অনুষ্ঠিত হৈছিল তেওঁৰ ভক্তসকলৰ এক ধর্মীয় শোভাযাত্রা। স্থানীয় আৰক্ষীয়ে দাবী কৰা মতে, এই শোভাযাত্ৰাত মাত্ৰ চাৰি হাজাৰ মানুহে অংশগ্রহণ কৰিব বুলি আয়োজকসকলে জনাইছিল যদিও পাছত অংশগ্রহণকাৰীৰ সংখ্যা ৫০ হাজাৰতকৈও অধিক হয়গৈ। গড়মেনজনৰ আশ্ৰমলৈ বুলি আৰম্ভ হােৱা এই শোভাযাত্ৰাৰ পথত আছিল ৰাজঘাট দলং। একাংশ ভক্তই এই দলংখন ভাগি পৰা বুলি উৰা-বাতৰি দিয়াৰ লগে লগে অংশগ্রহণকাৰীসকলৰ মাজত হুৱাদুৱা লাগে আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি যায়। বাতৰি মতে, ঘটনাটােত প্রথমতে এজন লোকৰ শ্বাস-প্রশ্বাসজনিত অসুবিধাত ভুগি ঘটনাস্থলীতে মৃত্যু হােৱাৰ লগতে পৰিস্থিতি অধিক ভয়াৱহ হৈ উঠে আৰু বহু সময় ধৰি অব্যাহত হেঁচা-ঠেলাৰ ফলত ২৫ জন লোকে পদপিষ্ট হৈ প্ৰাণ হেৰুৱাব লগা হােৱাৰ উপৰি কেইবাশ লোক আহত হয়। ৰাজ্যখনৰ আৰক্ষীৰ মুৰব্বী জাভেদ আহমেদে সাংবাদিকক জনোৱা মতে, পৰিস্থিতি ইমানেই অৱনতি ঘটে যে গৰিষ্ঠসংখ্যক লোকেই শ্বাস-প্ৰশ্বাসজনিত ধা আৰু হৃদযন্ত্ৰৰ ক্রিয়া বন্ধ হৈ ঘটনাস্থলীতে মৃত্যুবৰণ কৰে। এই ঘটনাৰ পাছতে স্থানীয় সাংসদ তথা প্ৰ পৰিস্থিতিৰ বুজ লয় আৰু নিহতৰ পৰিয়াললৈ দুই লাখ টকাকৈ আর্থিক সাহায্যৰ কথা ঘোষণা কৰে। ৰাজ্যখনৰ মুখ্যমন্ত্রী অখিলেশ যাদৱেও নিহতসকলৰ পৰিয়াললৈ দুই লাখ টকাৰ সাহায্যৰ কথা ঘোষণা কৰিছে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment