আলফাৰ ভয়ংকৰ কুটাঘাতৰ পৰিকল্পনা ::চােৰাংচােৱা সংস্থাৰ প্রতিবেদনত প্রকাশ

আলফাকে ধৰি কেইবাটাও উগ্ৰপন্থী সংগঠনে উত্তৰ পূর্বাঞ্চলৰ আভ্যন্তৰীণ নিৰাপত্তা অস্থিৰ কৰা তথা প্রান্তটােত নিৰাপত্তা বাহিনীক ‘এম্বুশ্ব’ কৰাৰ সমৰ কৌশল প্রস্তুতত ব্যস্ত হৈছে । কেন্দ্রীয় চােৰাংচােৱা সংস্থাৰ আইবিৰ শেহতীয়াকৈ গৃহ মন্ত্র্যালয়ক প্রদান কৰা এখন গোপন প্রতিবেদনত প্রকাশ পাইছে এই বিস্ফোৰক তথ্য। যোৱা ১০ অক্টোবৰত আই বিৰ অৰুণাচলস্থিত কার্যালয়ে প্ৰেৰণ কৰা উক্ত গোপন প্রতিবেদনত আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ উদ্ধৃতিৰে আন কেতবােৰ চাঞ্চল্যকৰ তথ্যও সন্নিৱিষ্ট কৰা হৈছে। য’ত কোৱা হৈছে আলফাই বিজেপি বিধায়ক, আৰক্ষী বিষয়া, ব্যৱসায়ীক অপহৰণৰ পৰিকল্পনা কৰাৰ কথা। মূলতঃ সংগঠনৰ পুঁজি সংগ্ৰহৰ বাবে নিষিদ্ধ ঘোষিত সংগঠনটােৱে ৰাজ্যত কেইবাটাও অপহৰণ কাণ্ড সংঘটিত কৰিব বুলি স্পষ্টভাৱে উল্লেখ কৰা হৈছে। পশ্চিম দক্ষিণ-পূব এছিয়া সংযুক্ত মুক্তি বাহিনীৰ হৈ আলফা সেনাধ্যক্ষ পৰেশ বৰুৱাই বাংলাদেশৰ জেহাদী সংগঠনৰ সৈতে কৰা বার্তালাপৰ ভিত্তিত উক্ত প্রতিবেদন প্রস্তুত কৰাটাে প্রতীয়মান হৈছে। কেন্দ্রীয় চোৰাংচোৱা সংস্থাই দাখিল কৰা প্রতিবেদনখনত কোৱা হৈছে যে উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্রোহী সংগঠনে প্রান্তটােৰ মুঠ ছটা স্থানত নিৰাপত্তা বাহিনীক আক্ৰমণৰ আঁচনি লৈছে। সেই অনুসৰি অৰুণাচল-চীন সীমান্তৱতী এলেকাত এন এছ চি এন (খাপলাং) আৰু আলফাই যুটীয়াভাৱে নিৰাপত্তা বাহিনীক আক্রমণ কৰাৰ আশংকা ব্যক্ত কৰা হৈছে। সমান্তৰালভাৱে মণিপুৰ-ম্যানমাৰ সীমান্তৱতী এলেকাত পি এল এ, আলফা আৰু এন এছ চি এন (খাপলাং), মেঘালয়-বাংলাদেশ সীমান্তৱতী এলেকাত জি এন এল এ, আলফা, অসম-বাংলাদেশ সীমান্তত এন ডি এফ বি (ছ), আলফা আৰু কে এল অই সন্মিলিতভাৱে নিৰাপত্তা বাহিনীৰ ওপৰত আক্ৰমণৰ বুপ্রিন্ট ৰচা বুলি প্রতিবেদনত প্রকাশ পাইছে। 
Share on Google Plus

About Unknown

0 comments:

Post a Comment