৬০ ঘণ্টীয়া শ্বাসৰুদ্ধকাৰী অভিযানৰ সামৰণি ::শ্ৰীনগৰত দুই সন্ত্রাসবাদীক গুলীয়াই হত্যা


জম্মু-কাশ্মীৰৰ ৰাজধানী শ্ৰীনগৰৰ পৰা প্রায় ১৫ কিলোমিটাৰ নিলগৰ পাম্প'ৰৰ চৰকাৰী অট্টালিকাত আত্মগোপনকাৰী সন্ত্রাসবাদীৰ বিৰুদ্ধে যোৱা সোমবাৰৰ পৰা চলা অভিযানত কালি দুই সন্ত্রাসবাদীক অভিযানকাৰী দলে গুলীয়াই হত্যা কৰাৰ লগে লগে ৬০ ঘণ্টীয়া সংঘর্ষৰো সামৰণি পৰে। বিগত ফেব্ৰুৱাৰী মাহত সন্ত্রাসবাদীয়ে ই ডি আইত প্ৰৱেশ কৰি এগৰাকী অসামৰিক লোক, পাঁচজন নিৰাপত্তা বাহিনীৰ লোকসহ মুঠ ছজনক হত্যা কৰাৰ সাত মাহ পাছত যোৱা দেওবাৰে ঝিলাম নদীপথেদি সশস্ত্ৰ সন্ত্রাসবাদী ই ডি আইত প্ৰৱেশ কৰে। নিৰাপত্তা বাহিনীয়ে প্ৰৱেশৰ তথ্য লাভ কৰাৰ পাছতেই দেওবাৰৰ পৰাই অঞ্চলটাে ঘেৰাও কৰি অভিযান চলায়। প্রায় ৬০ ঘণ্টাজোৰা শ্বাসৰুদ্ধকাৰী অভিযানত ৫০তকৈ অধিক ৰকেট, মেচিনগান আৰু শতাধিক গ্রেনেড ব্যৱহাৰ কৰিবলগীয়া হৈছে বুলি সেনাৰ প্রকাশ কৰিছে। বর্তমান ই ডি আইত প্রশিক্ষণ চলি নথকাৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তা বাহিনীয়ে বিৰুদ্ধে চলোৱা অভিযানত সশস্ত্ৰ সন্ত্রাসবাদীয়ে বিশেষ ক্ষতি কৰিবলৈ সক্ষম নহ’ল। ৬০টা কোঠা আৰু ৬০টা বাথৰুমত তন্ন তন্নকৈ অতি সাৱধানতাৰে অভিযান চলোৱাৰ বাবে অধিক সময়ৰ প্রয়োজন হৈছে বুলি সেনাৰ বিষয়াই প্রকাশ কৰিছে। দুজন সন্ত্রাসবাদীক হত্যা কৰাৰ পাছত আৰু এজন থকাৰ সন্দেহ হােৱাত অভিযানৰ সময় দীঘলীয়া হৈছে বুলিও সেনাৰ সূত্ৰত প্রকাশ।

Share on Google Plus

About Unknown

0 comments:

Post a Comment