বিজেপি আৰু এ আই ইউ ডি এফ ৰ মাজত থকা গোপন বুজাবুজিৰ কথা এতিয়া স্পষ্ট হ’ল। ২০১৬ চনৰ বিধানসভাৰ নির্বাচনৰ সময়ত বিজেপি-এ আই ইউ ডি এফৰ মাজত হােৱা গোপন বুজাবুজিৰ বিষয়ে কংগ্ৰেছ দলে অভিযোগ আনিছিল। সেই সময়ত কংগ্ৰেছৰ অভিযোগ কোনেও বিশ্বাস কৰা নাছিল। যাৰ বাবেই ৰাইজে বিজেপিক ভোট দিলে। এই মন্তব্য অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাৰ। কালি নগাঁও জিলা কংগ্ৰেছ কার্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত এই মন্তব্য কৰি ৰিপুণ বৰাই কয়— কংগ্ৰেছ দলক পৰাজিত কৰোৱাৰ বাবেই বিজেপিয়ে এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলক ব্যৱহাৰ কৰিছিল। আজমল অস্ত্ৰ হিচাপে ব্যৱহাৰ হৈছিল। বিধানসভাৰ নিৰ্বাচনৰ সময়ত এ আই ইউ ডি এফৰ লগত কংগ্ৰেছৰ বুজাবুজি আছিল বুলি অপপ্ৰচাৰ চলিছিল। সেইবাবে ৰাইজে কংগ্ৰেছক ভোট নিদিলে। এতিয়া ৰাইজে বুজি উঠিছে বিজেপি-এ আই ইউ ডি এফৰ বুজাবুজিৰ কথা। বিধানসভা নির্বাচনৰ সময়ত কংগ্ৰেছে এই সন্দৰ্ভত অনা অভিযোগ আজি সত্যত পৰিণত হ’ল। কালি লখিমপুৰ সংসদীয় সমষ্টিৰ উপ-নির্বাচনৰ বিজেপি প্রার্থী প্রদান বৰুৱাই এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলক সাক্ষাৎ কৰি তেওঁৰ পৰা সমর্থন বিচৰা কার্যই প্রমাণ কৰে কাৰ লগত বিজেপিৰ গোপন বুজাবুজি আছে। কংগ্ৰেছক হৰুৱাবলৈ বিজেপি পুনৰ এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলৰ কাষ চাপিছে। বিজেপিৰ এতিয়া গ্রহণযোগ্যতা কমি আহিছে। সেয়ে উপ-নির্বাচনত বিজেপিক প্রয়োজন হৈছে এ আই ইউ ডি এফৰ সহায। নিজৰ ব্যৱসায়িক সুৰক্ষাৰ স্বাৰ্থত আজমলে বিজেপিৰ লগত মিতিৰালি কৰি আহিছে।
নিজৰ ব্যৱসায়িক সুৰক্ষাৰ স্বাৰ্থত আজমলৰ বিজেপিৰ লগত মিতিৰালি::ৰিপুণ বৰা

0 comments:
Post a Comment