আজি দুপৰীয়াৰ মুখ্য বাতৰি সমূহ ::


১) ছেমি ফাইনেলত স্থান নিশ্চিত কৰাৰ লক্ষ্যৰে আজি সৰুসজাইত চেন্নায়ান এফ চিৰ বিৰুদ্ধে ৰণত নামিব NEUFC। ক্ৰমাগত জয়ৰ পিছত ঘৰুৱা দলৰ খেল চাবলৈ ফুটবলপ্ৰেমীৰ উত্কণ্ঠা। ক’লাবজাৰত বিক্ৰী হৈছে টিকট।
২) জনজাতিকৰণৰ দাবীত ৬ জনগোষ্ঠীৰ আহ্বায়িত অসম বন্ধত নিশাও ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিক্ষিপ্ত হিংসা। তিনিচুকীয়াত বাহনত অগ্নিসংযোগ, উদণ্ড বন্ধ সমৰ্থকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী।
৩) ঢেকীয়াজুলিত চাহ দোকানত NRCৰ প্ৰপত্ৰ উদ্ধাৰ হোৱা ঘটনা সম্পৰ্কত তদন্ত আৰম্ভ। ৰাক্ষসমাৰী গাঁও পঞ্চায়তৰ সচিবক গ্ৰেপ্তাৰ। ৩ পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে গোচৰ।
৪) লাছ ভেগাছত মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দুই প্ৰাৰ্থীৰ অন্তিম তৰ্কযুদ্ধ আৰম্ভ। ট্ৰাম্পৰ নানা বিতৰ্কিত ঘোষণাক উভতি ধৰিলে হিলাৰী ক্লিণ্টনে।
৫) আজি ফিৰোজশ্বাহ কোটলাত ভাৰত-নিউজীলেণ্ডৰ দ্বিতীয় এদিনীয়া। ধৰমশালাৰ পুনৰাবৃত্তিয়েই লক্ষ্য টীম ইণ্ডিয়াৰ।[Source::Dy365]
Share on Google Plus

About Unknown

0 comments:

Post a Comment