আজিৰ আবেলিৰ মূখ্য বাতৰি সমূহ ::




১। ৰাজ্যত আবতৰীয়া বানৰ সংহাৰ অব্যাহত। কাতি বিহুলৈ দুটা দিন থকাৰ সময়তে বানে উটুৱাই নিয়া আহিনৰ পথাৰলৈ চাই কৃষকৰ হাহাকাৰ। তৃতীয় দিনাও বানৰ তলত মানাহ ৰাষ্ট্ৰীয় উদ্যান।
২। জিলা বাতিলৰ কেবিনেট সিদ্ধান্তৰ বিৰুদ্ধে দক্ষিণ কামৰূপ, পূব কামৰূপত ধাৰাবাহিক প্ৰতিবাদ অব্যাহত। ছয়গাঁৱত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ ফলত ব্যাহত যাতায়াত। বিৰোধী বিধায়কৰ স্মাৰকপত্ৰ প্ৰদান।
৩। এইবাৰ গুৱাহাটী মহানগৰীত দিনদুপৰতে এঘৰৰ দেৱাল পাৰ হৈ হাঁহ লৈ গ’ল নাহৰফুটুকীয়ে। ফটাশিল আমবাৰীত তীব্ৰ আতংক।
৪। আজি অগপৰ ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱস। বৰপেটাৰ সৰুপেটাত কেন্দ্ৰীয়ভাৱে পালন প্ৰতিষ্ঠা দিৱস। ৩টা দশকৰ পিছত বিদেশী বিতাড়নৰ মূল প্ৰসংগৰ পৰা অগপ আঁতৰি অহাৰ অভিযোগ।
৫। পাক সেনা কৰ্তৃপক্ষৰ জিম্মাত ছাৰ্জিকেল ষ্ট্ৰাইকৰ পিছত সন্ধানহীন ভাৰতীয় জোৱান। শীঘ্ৰেই সেনা জোৱান চান্দু বাবুলালক দেশলৈ ওভতাই অনাৰ প্ৰতিশ্ৰুতি গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ।
Share on Google Plus

About Unknown

0 comments:

Post a Comment