আজিৰ আবেলিৰ মুখ্য বাতৰি সমূহ ::

* দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসত মণিপুৰৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু। ৩ দিন ধৰি বন্ধ হোষ্টেলৰ কোঠাৰ ভিতৰত গলিত অৱস্থাত উদ্ধাৰ গৱেষক ছাত্ৰৰ মৃতদেহ।
* তৈল কোম্পানীৰ বিৰুদ্ধে অনিয়মৰ অভিযোগত আজি নৰ্থ-ইষ্ট পেট্ৰ’লিয়াম কেৰিয়াৰ্ছ এছ’চিয়েশ্যনৰ ধৰ্মঘট। ৰাজ্যজুৰি স্তব্ধ ইন্ধনজাত সামগ্ৰীৰ সৰবৰাহ।
* কাজিৰঙাত গঁড় চিকাৰৰ উদ্দেশ্যে প্ৰৱেশৰ চেষ্টাৰ সময়তে ৰংমং ৱে’ত সেনাৰ জালত ৩ দুৰ্ধৰ্ষ চোৰাংচিকাৰী। চাইলেঞ্চাৰসহ ৰাইফল, সক্ৰিয় গুলী, কুঠাৰ, খুকুৰী জব্দ।
* পুনৰ সীমান্তত যুদ্ধবিৰতি চুক্তি উলংঘা পাক সেনাৰ। মৰ্টাৰ-গুলীৰে চলোৱা আক্ৰমণত গুৰুতৰভাৱে আহত ৬, ভাৰতীয় সেনাৰ প্ৰত্যাক্ৰমণত নিহত ৩ পাকিস্তানী ৰেঞ্জাৰ।
* গুৱাহাটীৰ ৰাজপথৰ পৰা আঁতৰিব ১৫ বছৰ পুৰণি চিটী বাছ, স্কুল বাছ। জাগীৰোড-বাইহাটা চাৰিআলি-চন্দ্ৰপুৰলৈও চিটী বাছৰ পৰিসৰ বৃদ্ধিৰ সিদ্ধান্ত প্ৰশাসনৰ।
* মাৰ্কিন লেখক পল বিটীলৈ ২০১৬ বৰ্ষৰ মেন বুকাৰ প্ৰাইজ। ‘দি ছেলআউট’ উপন্যাসৰ বাবে পল বিটীলৈ বুকাৰ।
Share on Google Plus

About Unknown

0 comments:

Post a Comment