৫ মহীয়া শিশুৰ খাদ্যনলীত ছেফটি পিন :: জটিল আস্ত্ৰোপচাৰ সম্পন্ন




এটি পাঁচমহীয়া দেৱশিশুৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাৰ সফল অস্ত্ৰোপচাৰৰ বাবেই পুনৰ জীৱন লাভ কৰিলে । প্রায় পাঁচ দিন ধৰি খাদ্যনলীত ছেফটি পিন লৈ জীৱন-মৃত্যুৰে যুঁজি থকা  প্রিয়াসী নামৰ দেৱশিশুটিৰ কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সফল অস্ত্ৰোপচাৰ সম্পন্ন কৰে ডাঃ দীপক চৌধুৰীয়ে। নলবাৰীৰ মালীকুছি গাঁৱৰ দেৱজিৎ দাস আৰু মঞ্জ দাসৰ পাঁচমহীয়া কন্যা প্রিয়াসীয়ে কেইবাদিনো ধৰি জ্বৰ, কাঁহ আৰু শ্বাস-প্রশ্বাসজনিত ৰােগত আক্রান্ত হোৱাত পিতৃ-মাতৃয়ে নলবাৰীৰ ইমৰান হুছেইন নামৰ চিকিৎসকজনৰ ওচৰত শিশুটিৰ চিকিৎসা কৰে। চিকিৎসকে এক্সৰে কৰাত প্রিয়াসীৰ খাদ্যনলীত এটা ছেফটি পিন থকাৰ কথা পোহৰলৈ আহে। চিকিৎসকজনে শিশুটিক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰিবলৈ পিতৃ-মাতৃক পৰামর্শ আগবঢ়ায়। পৰহি নিশা ৮ বজাত প্রিয়াসীক জিএমচিএইচত ভর্তি কৰায়। কালি পুৱা ৯.৩০ বজাত ডাঃ দীপক চৌধুৰীৰ নেতৃত্বত শিশুটিৰ খাদ্যনলীৰ জটিল অন্ত্রোপচাৰ সফলতাৰে সম্পন্ন কৰা হয়। সম্প্রতি প্রিয়াসীক জিএমচিএইচৰ আইচিইউত চিকিৎসকৰ তত্ত্বাৱধানত ৰখা হৈছে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment