দেৱী দুর্গা এইবেলি আহিছে অশ্বাৰোহিণীৰ ৰূপত।অসয়া শক্তিক দমন কৰিবলৈ ধৰালৈ আগমন ঘটিল মহিষমৰ্দিনীৰ। ভাৰতীয় পৰম্পৰা, বিশ্বাস অনুসৰিয়ে যুদ্ধ আসন্ন। প্রতিৱেশী দেশৰ ভাবুকি, বানে বিধ্বস্ত কৰা কৃষিভূমিত পােকৰ ৰূপত মহামাৰীৰ আৱিৰ্ভাৱ, বাটেঘাটে নির্যাতিত হৈছে জীয়ৰী-বোৱাৰী— এনে এক জটিল সন্ধিক্ষণতে দেৱী আহিছে অসুৰনাশিনীৰ ৰূপত। হিংসাৰ অস্ত পৰক, ঘূণাৰ অৱসান ঘটক, দানৱ হওক নিঃশেষ— এই কামনাৰেই দশভূজাক মর্তবাসীয়ে অসীম উৎসাহ আৰু বিশ্বাসেৰে আদৰি আনিলে ধৰালৈ। মনৰ অসুৰ, সমাজৰ আসুৰিক শক্তিৰ বিৰুদ্ধে দেৱীয়ে আৰম্ভ কৰিব যুদ্ধ। অশুভ শক্তিয়ে পৃথিৱীৰ পৰা ছত্ৰভংগ দিব— তাৰ বাবেই অগণন ভক্তই অন্তৰৰ নিভৃত কোণৰ ভক্তি-শ্রদ্ধাৰে দেৱীৰ আৰাধনা আৰম্ভ কৰিছে। কেইটামান দিনৰ বাবে দুঃসময়ক পাহৰি সকলোৱে প্রার্থনা কৰিব ভাল দিনৰ বাবে। ইয়াৰ মাজত জাতি-ধর্ম-বৰ্ণৰ ভেদাভেদ নাহে। কিয়নো কেৱল আধ্যাত্মিকতা নহয়, শৰতৰ এই বর্ণিল আয়ােজনৰ মাজত সকলো উৎসুক হৈ পৰিছে। উৎসৱৰ অন্তহীন সমদলত চামিল হ’বলৈ। পৃথিৱীৰ সুখ, মানুহৰ শাস্তিয়েই যদি শাৰদীয় উৎসৱৰ মূল লক্ষ্য হয়, তেনেহ’লে তাৰ মাজত ক’ৰ পৰা আহিব ধৰ্মৰ প্রশ্ন। যিহেতু মনুষ্যত্বক জীপাল কৰি ৰখাটােৱে হৈছে ধৰ্মৰ আদিম ভেটি।এয়া যেন সময় এন্ধাৰক বিদায় দিয়াৰ, পোহৰক আদৰি অনাৰ। সেই যুদ্ধংদেহি মনােভাব লৈ অশুভ শক্তিক ছত্ৰভংগ দিয়াবলৈকে দেৱী প্ৰৱেশ কৰিছে ঘোঁৰাত উঠি। যাবও তেনেকৈয়ে। দি যাব সকলোকে মনুষ্যত্বক জীয়াই ৰখাৰ শক্তি, ভেদাভেদ আনিব বিচৰাসকলক প্রতিহত কৰাৰ সাহস।
যুদ্ধ আসন্ন:: দেৱী দুর্গা এইবেলি আহিছে অশ্বাৰোহিণীৰ ৰূপত

0 comments:
Post a Comment