দূৰ্গা পূজা, এজাক শিশু আৰু পুতুলা পিষ্টল

মন চুই যোৱা সৰু সৰু কথাবোৰৰ  আত ধৰি::::
**********=====******=============
পূজাত শিশু সকলে পুতুলা পিষ্টল লৈ খুব ভাল পায়। হয়তো আপুনিও কিনিছিল । কিন্তু বৰ্তমানৰ পৰিস্থিতিত  বন্দুক  পিষ্টলৰ দ্বাৰা সংঘটিত হোৱা দৃশ্যবোৰ টিভি বা অইন মাধ্যমত দেখি শিশু সকলৰ মনত তাৰ বিৰূপ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। তেনে এক দৃশ্যই দেখা গল বৰপেটাৰোডৰ মিছনৰোড আৰু ৰায়পাৰাত। অঞ্চলটোৰ ভালেকেইজন শিশুৱে পূজাত বৰ হেপাহেৰে কিনা ভালেকেইটা পুতুলা পিষ্টল বিধান সভাৰ অধ্যক্ষ ৰনজিৎ দাসৰ হাতত জমা দিয়ে আৰু ভৱিষ্যতে কেতিয়াও পুতুলা পিষ্টল নলও বুলি অংগীকাৰবদ্ধ হয়। লগতে অইন শিশুসকলকো পুতুলা পিষ্টল লোৱাৰ পৰা আতৰি থাকিবলৈ অনুৰোধ জনায়। অধ্যক্ষ ডাঙৰীয়াই কণ কণ শিশু সকলৰ এনে কাৰ্য্যক ভূয়সী প্ৰশংসা  কৰে আৰু তেওঁলোকক শিক্ষামূলক সামগ্ৰী কিনিবলৈ উৎসাহ যোগোৱাৰ বাবে কিছু ধন আগবঢ়ায়।
********************====***************==*
মন্তব্য::: হয় , ঠিকেই আজিৰ শিশু কাইলৈ আমাৰ দেশৰ ভৱিষ্যত । সেয়ে, তেওঁলোকক আমি এক সুন্দৰ পথ দেখুৱাও আহক।
Share on Google Plus

About Unknown

0 comments:

Post a Comment