ঐতিহাসিক চুম্বন আলোকচিত্ৰৰ নায়িকাৰ মৃত্যু;;স্মৃতি হৈ ৰব দ্বিতীয় বিশ্বযুদ্ধৰ জয়


নিউয়র্ক চহৰৰ বিখ্যাত টাইমছ স্কোৱেৰত নাৱিক জর্জ মেণ্ডোনিছাই ১৯৪৫ চনত দ্বিতীয় বিশ্বযুদ্ধ অন্ত পৰাৰ পিচত এগৰাকী যুৱতীক চুম্বন কৰাৰ ঐতিহাসিক ছবিখনৰ নায়িকা গ্রেটা ফ্রি ডমেনৰ ভার্জিনিয়াৰ ৰিছমণ্ডত ৯২ বছৰ বয়সত মৃত্যু হৈছে । দ্বিতীয় মহাযুদ্ধৰ সমাপ্তিৰ আনন্দৰ স্বতঃস্ফূর্ত প্রকাশ হােৱাৰ ঐতিহাসিক ছবিখনত নাৱিকজনে শুভ্ৰ পোছাক পৰিহিত ২১ বছৰীয়া ডেণ্টেল এছিষ্টেণ্ট হিচাপে কৰ্মৰত ফ্রিডমেনক সাবটি ধৰি দীঘলীয়া চুম্বন কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধত জাপানে আত্মসমপণ কৰাৰ পিচত যুদ্ধৰ অন্ত পৰা বুলি টাইমছ স্কোৱেৰৰ এখন বিলবোর্ডত ঘোষণা হোৱাৰ পিচতে এজন নাবিকে পথৰ ওপৰতে ফ্রিডমেনক সাবটি ধৰি চুম্বন কৰিছিল। চুম্বনৰ ফটোখন প্রখ্যাত আৰু এইখন কেইসপ্তাহমান পিচত “লাইফ” আলোচনীত প্রকাশ পাইছিল।

Share on Google Plus

About Unknown

0 comments:

Post a Comment