ASTC ত দুৰ্নীতি::: এজন বাছ কণ্ডাক্টৰক গ্ৰেপ্তাৰ

জাগুনত দুৰ্নীতি নিবাৰক আইনৰ অধীনত ASTCৰ বাছৰ কণ্ডাক্টৰ গ্ৰেপ্তাৰ। আটক কৰা বাছৰ কণ্ডাক্টৰজনৰ নাম দিব্যজ্যোতি বৰা।    ৰঙাপৰা-জাগুন অভিমুখী বাছৰ কণ্ডাক্টৰ দিব্যজ্যোতি বৰা। টিকট নিদিয়াকৈ ১১ জন যাত্ৰীৰ পৰা লৈছিল ভাড়া। কণ্ডাক্টৰৰ লগতে বাছৰ চালকৰ ওপৰতো চলাব তদন্ত দুৰ্নীতি নিবাৰক শাখাই। ইফালে নগাঁৱতো ASTC বাছৰ কণ্ডাক্টৰক আটক কৰে। যাত্ৰীক টিকট নিদিয়াকৈ সংগ্ৰহ কৰিছিল ভাড়া। নগাঁও-মাৰ্ঘেৰিটা অভিমুখী বাছত কণ্ডাক্টৰ হিচাপে কৰ্মৰত। দুৰ্নীতি নিবাৰক আইনৰ অধীনত মাৰ্ঘেৰিটা থানাত গোচৰ ৰুজু।
Share on Google Plus

About Unknown

0 comments:

Post a Comment