
ভাৰতত দ্রুত বেগী টালগো ৰে’লৰ পৰীক্ষামূলক আৰু চুড়ান্ত যাত্রা সফলতাৰে সম্পন্ন হয়।এইখন ৰে’লে দিল্লীৰ পৰা মুম্বাইত ১২ ঘণ্টাৰো কম সময়ৰ ভিতৰত উপস্থিত হয়। দিনৰ ২.৪৫ বজাত দিল্লীৰ পৰা ৰে’লখনে যাত্ৰা আৰম্ভ কৰি পুৱতি নিশা ২.৩৪ বজাত ৰে’লখন মুম্বাইত উপস্থিত হয়। ঘণ্টাত দুশ কিলোমিটাৰ বেগেৰে যাত্রা কৰিবলৈ সক্ষম টালগো ৰে’লৰ এপ্রিলত মুম্বাইলৈ অনা হৈছিল। দিল্লীৰ পৰা মুম্বাইলৈ ৰে’লপথৰ দৈর্ঘ্য ১,৪০০ কিলোমিটাৰ। বর্তমান এই খিনি যাত্রা অতিক্ৰমৰ বাবে ৰাজধানী এক্সপ্রেছক সময় লাগে ১৬ ঘণ্টা। পিচে, ৯টা দবাৰে টালগো ৰে’লখনে ১২ ঘণ্টাৰো কম সময়ত এই যাত্রা সম্পূর্ণ কৰিবলৈ সক্ষম হয়।
0 comments:
Post a Comment