য়েমেনৰ দুটা স্থানত চলা চৌদি বায়ু সেনাৰ বিমান আক্ৰমণত প্রাণ হেৰুৱাইছে কমেও ২১ জন নিৰীহই। য়েমেনৰ ৰাজধানী ছানাৰ উত্তৰে আৰহাব জিলাৰ বেইটি ছাদান এলেকাত এই ঘটনা সংঘটিত হৈছে । প্রাপ্ত বাতৰিমতে উক্ত স্থানত ড্রিলিং মেচিনেৰে কাম কৰি থকা লোকসকলক ৰকেট উৎক্ষেপণৰ বাবে প্রস্তুতি চলাই থকা বুলি সন্দেহ কৰি এই বোমাবর্ষণ কৰা হৈছিল। দ্বিতীয়টাে বোমা আক্রমণ চলে প্ৰথমটাে আক্ৰমণৰ পিচতে উক্ত অঞ্চললৈ দৌৰি অহা নাগৰিকসকলক উগ্ৰপন্থী বুলি সন্দেহ কৰাৰ পৰিণতিত এই স্থানত কমেও এঘাৰজন লোক নিহত হয়। হুঠী বিদ্রোহীৰ বিৰুদ্ধে ২০১৪ চনৰ পৰা য়েমেনত আৰম্ভ হােৱা আক্ৰমণৰ পৰিণতিত এতিয়ালৈ দহ হেজাৰ লোক নিহত হােৱা বুলি ৰাষ্ট্ৰসংঘৰ সূত্ৰত প্রকাশ।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment