চাৰ্লট গুটেনবার্গ;; দেহত আটাইতকৈ বেছি টাটু কৰা মহিলা

মার্কিন যুক্তৰাষ্ট্ৰৰ চাৰ্লট গুটেনবার্গ নামৰ ৬৭ বছৰীয়া মহিলাগৰাকীয়ে দেহত আটাইতকৈ বেছি টাটু কৰা মহিলা হিচাপে গীনিজ ৱৰ্ল্ড ৰেকর্ড বুকত স্থান লাভৰ দিশত অগ্ৰসৰ হৈছে। ফ্লৰিডাৰ মহিলাগৰাকীৰ দেহৰ ৯১.৫ শতাংশতেই বিভিন্ন ধৰণৰ টাটু আছে। লেখিকা আৰু ব্যক্তিগত প্রশিক্ষক হিচাপে জীৱিকা নির্বাহ কৰা গুটেনবার্গে এক দশক পূর্বে দেহত টাটু অংকন কৰিবলৈ আৰম্ভ কৰিছিল। ২০০৬ চনত প্রথমবাৰ দেহত টাটু আঁকিছিল তেওঁ। তাৎপর্যপূর্ণভাৱে মহিলাগৰাকী বর্তমান বিশ্বৰ আটাইতকৈ বেছি টাটু থকা পুৰুষ বুলি গীনিজ বুকে অভিহিত কৰা চার্লছ হেল্মকেৰ সৈতে একেলগে থাকে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment