কাজিৰঙাত আজি প্ৰশাসনে বেদখল উচ্ছেদ অভিযান চলায়। ন্যায়ালয়ে যোৱা ২০১৫ চনৰ ১০ অক্টোবৰত দিয়া এক নিৰ্দেশনাৰ ভিত্তিত বান্দৰডুবি আৰু দেওচুৰচাংবাসীত এই উচ্ছেদ অভিযান চলায়। এইলৈ আৰক্ষী আৰু স্থানীয় ৰাইজৰ মাজত এক সংঘৰ্ষৰ সৃষ্টি হয়। এই সংঘৰ্ষত আঞ্জুমা খাটুন আৰু ফখৰউদ্দিন নামৰ দুজন ব্যক্তিৰ মৃত্যু হোৱাৰ লগতে ১৪ জন লোক আহত হৈছে । প্ৰশাসনে ইতিমধ্যে দেওচুৰচাংবাসীৰ ১১৫ টা পৰিয়ালৰ ঘৰ উচ্ছেদ কৰিছে আৰু বাকীবোৰৰ উচ্ছেদ অভিযান চলাই আছে।
Subscribe to:
Post Comments
(
Atom
)


0 comments:
Post a Comment