অসমৰ আগশাৰীৰ নাট্যদল কহিনুৰ থিয়েটাৰৰ মুখ্য প্রযোজক ৰতন লহকৰ গুৰুতৰভাৱে অসুস্থ হৈ পাঠশালাৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। উল্লেখ্য যে মাজে-সময়ে অসুস্থ হৈ থকা লহকৰে শ্বাসপ্রশ্বাসত কষ্ট পোৱাত তেঁওক নাছিং হােমত ভর্তি কৰােৱা হয় । ভ্ৰাম্যমাণত আধুনিক ধাৰাৰ নাট সৃষ্টি কৰাৰ লগতে নাট্যজগতত বিভিন্ন কৌশল অৱলম্বনেৰে চমক সৃষ্টি কৰি অহা নাট্যযোদ্ধাগৰাকী অসুস্থ হােৱা বুলি খবৰ বিয়পি পৰাৰ পাছতে চিকিৎসালয়খনত অনেক গুণমুগ্ধই ভিৰ কৰে। ভ্ৰাম্যমাণ নাট্যজগতলৈ অপৰিসীম অৱদান যোগোৱাৰ বাবে অলপতে লহকৰক ৰাইটাৰ্ছ ফ’ৰামে মঞ্চৰত্ন’ উপাধি প্রদান কৰিছে।
Subscribe to:
Post Comments
(
Atom
)

0 comments:
Post a Comment