
কেন্দ্রীয় জলসম্পদ মন্ত্র্যালয়ে নদীদ্বীপ মাজুলীক ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ শীঘে ২৬০ কোটি টকা আগবঢ়াব। কেন্দ্রীয় জলসম্পদ ৰাজ্যিক মন্ত্রী ড° সঞ্জীৱ কুমাৰ বালিয়ানে এই কথা ঘোষণা কৰে।মাজুলীৰ সুৰক্ষাৰ বাবে হ্রস্ব আৰু দীর্ঘকালীন আঁচনি লোৱা হ’ব বুলি মন্তব্য কৰি কেন্দ্রীয় মন্ত্রীগৰাকীয়ে প্রথমে খহনীয়া প্ৰতিৰােধ কৰিব লাগিব বুলি কয়।তেওঁ লগতে আৰু কয়— ‘কেন্দ্ৰই মাজুলীৰ সুৰক্ষাৰ বাবে ইতিমধ্যে ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ আঁচনিত অনুমোদন জনাই ২৬০ কোটি টকা ধার্য কৰিছে। ইয়াৰে প্ৰথম কিস্তিৰ ধন ১২৪ কোটি টকা প্ৰাৰম্ভিক কাম-কাজৰ বাবে মুকলি কৰি দিয়া হ’ব। দীৰ্ঘম্যাদী, স্থায়ী আঁচনিৰ কাম পাছত হৈ থাকিব। কিন্তু বিপজ্জনক এলেকাত এতিয়াৰে পৰাই খহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ কৰা হ’ব। শালমৰা, দক্ষিণপাট আদি অংশত আজি আমি খহনীয়াৰ প্রকোপ দেখিবলৈ পাইছোঁ। মুখ্যমন্ত্ৰীৰ আগ্ৰহত আমি নাৱেৰেই খহনীয়াত ক্ষতিগ্রস্ত অঞ্চল ভ্ৰমণ কৰাৰ সিদ্ধান্ত ল’লোঁ। মাজুলীক সুৰক্ষা দিবলৈ এইবাৰ সম্পূর্ণ আন্তৰিকতাৰে কাম আৰম্ভ কৰা হৈছে। ৰাইজে ইয়াৰ পৰা উপকাৰ পাব বুলি আমি নিশ্চিত।” উল্লেখ্য যে মন্ত্রীগৰাকীয়ে অফলামুখত উপস্থিত হােৱাৰ পাছতে ব্ৰহ্মপুত্ৰ ব’ৰ্ডে নির্মাণ কৰা ৪টাকৈ শৈলম্পাৰ পৰিদৰ্শন কৰে। সেইদৰে শালমৰাৰ খহনীয়াগ্রস্ত ১, ২, ৩ আৰু ৪নং শৈলস্পাৰ পৰিদৰ্শন কৰাৰ পাছত শালমৰাত নাও ৰখাই স্থানীয় লোকৰ পৰা ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ বুজ লয়।
0 comments:
Post a Comment