কাজিৰঙাৰ উচ্ছেদ অভিযান সন্দৰ্ভত আৰক্ষীৰ ভূমিকাক সমালোচনা সাংসদ বদৰুদ্দিন আজমলৰ

Image result for badruddin ajmal

এ আই ইউ ডি এফৰ সভাপতি, সাংসদ বদৰুদ্দিন আজমলে কাজিৰঙাৰ উচ্ছেদ অভিযান সন্দৰ্ভত আৰক্ষীৰ ভূমিকাক সমালোচনা কৰিছে। সাংসদ বদৰুদ্দিন আজমলে কাজিৰঙাত উচ্ছেদ কৰা লোকসকল মুছলমান হােৱা বাবেই ৰাজনৈতিক আক্ৰোশৰ বলি হৈছে বুলি মন্তব্য কৰিছে। সাংসদ আজমলে টুইটাৰযোগে কয় যে জাঠৰ প্ৰতিবাদ, বাংগালুৰুৰ প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে যদি ইতিবাচক ভূমিকা ল’ব পাৰে, অসম আৰক্ষীয়ে কিয় ১৫ মিনিটৰ বাবে ধৈর্য, সংযম দেখুৱাব নোৱাৰিলে ? উচ্ছেদ কৰা লোকসকল বাংলাদেশী বা বেদখলকাৰী নহয়। মুছলমান বাবেই তেওঁলোক ৰাজনৈতিক আক্ৰোশৰ বলি হৈছে। টুইট বার্তাটােত উচ্ছেদ কৰা লোকসকলক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ বাবেও সাংসদ আজমলে দাবী জনায়।
Share on Google Plus

About Unknown

0 comments:

Post a Comment