বিশিষ্ট সাংবাদিক হাজৰিকাক অসুস্থ হৈ পৰাত তেওঁক জি এন আৰ চি হাস্পতালত ভর্তি কৰোৱা হৈছে । দীর্ঘদিন ধৰি উচচ ৰক্তচাপজনিত কাৰণত অসুস্থ হৈ থকা অসমৰ সংবাদ জগতৰ মহীৰূহ সাংবাদিক হাজৰিকাক কালি তেওঁৰ শিলপুখুৰীৰ বাসভৱনৰ পৰা নিশা প্রায় ৯ বজাত স্থানীয় জি এন আৰ চি হাস্পতাললৈ লৈ অহা হয়। শ্বাস-প্রশ্বাসজনিত
অসুবিধাত ভোগা সাংবাদিকগৰাকীক লগে লগে চিকিৎসালয়খনৰ আই চি ইউ কক্ষত ভর্তি কৰি চিকিৎসা প্রদান কৰা হয়। চিকিৎসালয়খনৰ এটা সূত্র মতে তেওঁ এই পর্যন্ত বিপদমুক্ত নহয়। ইফালে, সাংবাদিক হাজৰিকাৰ চিকিৎসাৰ সমস্ত ব্যয় ৰাজ্য চৰকাৰে বহন কৰিব বুলি চিকিৎসালয় কর্তৃপক্ষক ইতিমধ্যে চৰকাৰীভাৱে অৱগত কৰা হৈছে। তেওঁৰ পৰিয়াল তথা অলেখ গুণমুগ্ধকে ধৰি সকলোৱে সাংবাদিকগৰাকীৰ আশু আৰােগ্য কামনা কৰিছে।
0 comments:
Post a Comment