ফেচবুকে ৩০০ কোটি ডলাৰ বিনিয়োগ কৰিব চিকিৎসাৰ বাবে

Image result for facebook jurak barg

পৃথিৱী গ্ৰহ মানৱ জাতিৰ বাবে অধিক বসবাসযোগ্য কৰিবলৈ ফেচবুকৰ প্ৰতিষ্ঠাতা মার্ক জুকাৰবাৰ্গ আৰু তেওঁৰ পত্নী প্ৰিছকিলা চানে ৩০০ কোটি ডলাৰ বিনিয়োগ কৰিব বুলি ঘোষণা কৰিছে। সকলো ধৰণৰ ৰোগৰ বিৰুদ্ধে এই ধন ব্যৱহাৰ কৰা হ’ব বুলিও জুকাৰবাৰ্গৰ পত্নী শিশু চিকিৎসা বিশেষজ্ঞ চানে উল্লেখ কৰিছে| আগন্তুক ১০ বছৰৰ ভিতৰত ৰােগমুক্তি, প্ৰতিৰােধ আৰু সকলো ৰােগৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত পর্যায়ক্রমে এই ধন মুকলি কৰি দিয়া হ’ব। ছান ফ্রান্সিছকোত কালি এক অনুষ্ঠানত এই কথা ঘোষণা কৰে জুকাৰবাৰ্গ আৰু চানে। বিশেষকৈ শিশুৰ স্বাস্থ্যৰ ওপৰত অধিক গুৰুত্ব দিবলৈ এই ধন ব্যৱহাৰ কৰা হ’ব বুলি চিকিৎসক চানে উল্লেখ কৰিছে। প্রথমবাৰৰ বাবে ফেচবুকৰ গুৰুত্বপূর্ণ অনুষ্ঠানত জুকাৰবাৰ্গ আৰু পত্নীয়ে একেলগে এই কথা ঘোষণা কৰিছে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment