সুযোগ পালেই ভাৰতভূমিত প্ৰৱেশ কৰিবলৈ সষ্টম হৈ আছে ৪০ৰ পৰা ৫০জনীয়া কুখ্যাত সন্ত্ৰাসবাদীৰ দল। এই সন্ত্রাসবাদীবোৰে ৰক্তক্ষয়ী পৰিস্থিতিৰ সৃষ্টি কৰাৰ বাবে অভিসন্ধি ৰচিছে বুলিও চােৰাংচােৱা সংস্থা সূত্ৰৰ উদ্ধৃতি ‘ইণ্ডিয়া টুডে'ই আজি প্রকাশ কৰিছে। ‘ইণ্ডিয়া টুডে'ৰ প্ৰতিবেদন অনুসৰি জম্মুৰ আখনূৰ আৰু কাঠুৱা ছেক্টৰৰ পৰা ২০০ কিলোমিটাৰ নিলগত পাক ভূখণ্ডত সষ্টম হৈ আছে। এই সন্ত্রাসবাদীবোৰ। কাশ্মীৰৰ উৰিত ভয়ংকৰ কুটাঘাত সংঘটিত কৰাৰ পাছতেই এতিয়া সন্ত্রাসবাদীৰ আক্ৰমণৰ লক্ষ্য হ’ব জন্ম। ইফালে, উৰিৰ কটকটীয়া নিৰাপত্তাৰ মাজত থকা বেটেলিয়ন মুখ্য কার্যালয়ত কেনেদৰে সন্ত্ৰাসবাদীয়ে আহি প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল,সেই সন্দৰ্ভত সবিশেষ তথ্য সেনাৰ পৰা বিচাৰিছে প্ৰতিৰক্ষা মন্ত্রী মনোহৰ পাৰিকৰে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ১৮জন জোৱান শ্বহীদ হােৱা এই ভয়ংকৰ কুটাঘাতী কাণ্ড সন্দৰ্ভত অসন্তুষ্টি প্রকাশ কৰি কৈছে যে এইক্ষেত্ৰত কিবা এটা ভুল হৈছে।
৫০ দুর্ধর্ষ সন্ত্রাসবাদী ভাৰতত প্ৰৱেশলৈ সাজু::চােৰাংচােৱাৰ সতর্কবাণী

0 comments:
Post a Comment