ৰাজ্যত ভূমি বেদখলমুক্ত উচ্ছেদ অভিযান অব্যাহত থাকিব::মুখ্যমন্ত্রী


Image result for land encroachment in assam

আদালতৰ নির্দেশনা আৰু জনসাধাৰণৰ ভাবনাক সন্মান জনাই ৰাজ্যৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে উচ্ছেদ অভিযান অব্যাহত থাকিব--এইদৰে কয় ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে। লগতে তেওঁ কয় যে নির্বাচনৰ সময়ত পূৰণৰ লক্ষ্যৰে চৰকাৰে পদক্ষেপ গ্রহণ কৰিছে। বিশেষকৈ ৰাজ্যখনৰ জনজাতীয় বেল্ট তথা ব্লক আৰু বনাঞ্চল এলেকাৰ লগতে সত্ৰসমূহ বেদখলমুক্ত কৰিব লাগিব । কাজিৰঙাত শেহতীয়াকৈ চলোৱা উচ্ছেদ অভিযানক লৈ তীব্র বিতৰ্কৰ সূত্রপাত হােৱাৰ সময়তে তেওঁ কয় যে আদালতৰ নির্দেশত এই উচ্ছেদ চলোৱা হৈছিল আৰু অসমৰ ৰাইজেও অন্তঃকৰণে ৰাজ্যখনৰ ভূমি বেদখলমুক্ত কৰাটাে বিচাৰে। ৰাজ্যৰ সত্ৰসমূহকো বেদখলমুক্ত কৰাৰ বাবে চৰকাৰে ক্ৰমান্বয়ে পদক্ষেপ গ্রহণ কৰিব। ৰাজ্যৰ ভূমি বেদখলমুক্ত কৰাৰ ক্ষেত্ৰত চলোৱা উচ্ছেদত কোনাে বিশেষ জাতি বা ধর্মাৱলম্বীৰ প্রশ্ন নুঠে আৰু এই উচ্ছেদ অভিযান অব্যাহত থাকিব।
Share on Google Plus

About Unknown

0 comments:

Post a Comment