ৰাষ্ট্রবিৰােধী শক্তি, আলফা, এন এছ চি এন, মাওবাদী উগ্ৰপন্থীৰ হাতলৈ সঘনে যায় ৰাজ্যৰ আৰক্ষী বাহিনীৰ ভুল ব্যৱহাৰৰ বাবে আৰক্ষীৰ এক বৃহৎ পৰিমাণৰ অস্ত্ৰ, গুলী-বাৰুদ । সেয়ে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ কেন্দ্রীয় গৃহ মন্ত্র্যালয়ে অসম চৰকাৰক নির্দেশ জাৰি কৰিছে। যোৱা ১৮ আগষ্টত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ নিয়াৰ এক চাঞ্চল্যকৰ প্ৰতিবেদনৰ ভিত্তিত কেন্দ্রীয় গৃহ মন্ত্র্যালয়ৰ আভ্যন্তৰীণ নিৰাপত্তা শাখাই অসম চৰকাৰৰ মুখ্য সচিব বিনােদ কুমাৰ পিপাৰচেনিয়ালৈ প্ৰেৰণ কৰা এখন অতি গুৰুত্বপূর্ণ পত্রৰ পৰা এই কথা পোহৰলৈ আহিছে। কেন্দ্রীয় গৃহ মন্ত্র্যালয়ে পত্ৰখনত এই বুলি উল্লেখ কৰে যে ৰাজ্যৰ আৰক্ষী বাহিনীৰ একাংশৰ চুৰি কাৰ্য আৰু ভুল ব্যৱহাৰৰ বাবে আৰক্ষী বাহিনীৰ এক বৃহৎ পৰিমাণৰ অস্ত্ৰ আৰু গুলী-বাৰুদ সঘনে ৰাষ্ট্রবিৰােধী শক্তি, আলফা, এন এছ চি এন, মাওবাদী আদি উগ্ৰপন্থীৰ হাতলৈ সৰবৰাহ হৈ আছে। এই সন্দৰ্ভত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই ইতিমধ্যে নাগালেণ্ডত এটা গোচৰ ৰুজু কৰাৰ লগতে উত্তৰ প্ৰদেশত আৰক্ষীৰ অস্ত্ৰ, গুলী-বাৰুদ গোপনে বিক্ৰী আৰু সৰবৰাহ কৰাৰ অভিযোগত ৫ জন লোকক গ্রেপ্তাৰ কৰিছে। ধূত এই ৫ জন লোক ক্রমে ফাৰুকাবাদ, মোৰাদাবাদ, আলিগড়, কানপুৰ আৰু সাহাৰাণপুৰৰ। আনহাতে নাগালেণ্ডত ৰাজ্যখনৰ সশস্ত্ৰ আৰক্ষীৰ এগৰাকী উপ-পৰিদৰ্শকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ কথা উল্লেখ কৰি প্রতিবেদনখনত ‘নিয়াই এই বুলি প্রকাশ কৰে যে উক্ত উপ-পৰিদৰ্শকগৰাকীয়ে আৰক্ষী বাহিনীৰ এক বৃহৎ পৰিমাণৰ অস্ত্ৰ আৰু গুলী-বাৰুদ এন এছ চি এন (কে) আৰু এন এছ চি এন (ইউ)ৰ ওচৰত বিক্ৰী কৰাৰ উপৰি ম্যানমাৰলৈও সৰবৰাহ কৰিছে। প্রতিবেদনখনত অনুসন্ধানকাৰী সংস্থাটােৱে লগতে এইবুলিও উল্লেখ কৰে যে ৰাজ্যখনৰ কোনো অস্ত্ৰ-শস্ত্ৰ আৰু গুলী-বাৰুদ কোনো কাৰণতে যাতে উগ্রপহীৰ হাতলৈ নাযায়। তাৰ বাবে ৰাজ্য চৰকাৰ অধিক সতর্ক হ’ব লাগে। ইফালে নিয়াৰ এনে ভয়ংকৰ প্রতিবেদনৰ কথা উল্লেখ কৰি কেন্দ্রীয় গৃহ মন্ত্র্যালয়ে অসম চৰকাৰলৈ প্ৰেৰণ কৰা উক্ত পত্ৰৰ পিচতে ৰাজ্যৰ গৃহ বিভাগ, অসম আৰক্ষীত হাহাকাৰ লাগে। এই লৈ অসম চৰকাৰৰ গৃহ বিভাগে যোৱা ৩০ আগষ্ট (নং এইচ এম এম-৪/২০০৮/পিটি/২০৩) আৰু ৯ ছেপ্টেম্বৰত (নং এইচ এম এম ১০/২০১৪/১৮০) প্ৰতিখন জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, মহানগৰ আৰক্ষী আয়ুক্তলৈ সুকীয়া সুকীয়া পত্র প্ৰেৰণ কৰিছে। দুয়োখন পত্ৰত গৃহ বিভাগে কেন্দ্রীয় চৰকাৰৰ উক্ত নির্দেশনা সন্দৰ্ভত কঠোৰ ব্যৱস্থা গ্রহণ কৰাৰ উপৰি ৰাজ্যখনৰ যিসকল লোকৰ হাতত অস্ত্ৰশস্ত্ৰ আছে তেনে লোকৰ অস্ত্ৰৰ লগতে অনুজ্ঞাপত্ৰও পৰীক্ষা কৰিবলৈ নির্দেশ জাৰি কৰিছে। তদুপৰি অস্ত্ৰ থকা লোকসকলক গুলী যোগান ধৰাৰ ক্ষেত্ৰতো অধিক সতর্কতা অৱলম্বন কৰাৰ ব্যৱস্থা কৰিবলৈ জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু মহানগৰ আৰক্ষী আয়ুক্তক কঠোৰ নির্দেশ জাৰি কৰে।
Home / নিয়াৰ প্ৰতিবেদন
/ আৰক্ষীৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ আৰু গুলী-বাৰুদ উগ্ৰপন্থীৰ হাতলৈ সৰবৰাহ :: নিয়াৰ প্ৰতিবেদনত প্রকাশ
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment