কাজিৰঙাত ২০টা গড় হত্যা কৰা দুর্ধর্ষ চােৰাং চিকাৰী চবৰ ইংলেঙক গ্রেপ্তাৰ





কাজিৰঙাৰ ম’ষ্ট ৱাণ্টেড তথা দুর্ধর্ষ চােৰাং চিকাৰী চবৰ ইংলেং (৩০)ক খলাবন্ধা থানাৰ আৰক্ষীৰ দলে কালি গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়।কলিয়াবৰ মহকুমাৰ জখলাবন্ধা থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া দেৱেন বৰাৰ নেতৃত্বত দলটিয়ে অভিযান চলাই কার্বি আংলং জিলাৰ ৰংবং বে’ থানা এলেকাৰ পিং ৰংহাং গাঁৱৰ দমৰৈত দুর্ধর্ষ চােৰাং চিকাৰী চবৰ ইংলেং (৩০)ক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে ২০১২ চনৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি আৰু বুঢ়াপাহাৰ ৰেঞ্জ এলেকাধীন বনাঞ্চলত গড় হত্যাত প্রধান শ্বটাৰ হিচাপে জড়িত আছিল চবৰ ইংলেং। ইতিমধ্যে দুর্ধর্ষ চোৰাং চিকাৰী হেমচিং ক্রামচাৰ নির্দেশত কাজিৰঙাত বর্তমানলৈকে বিশটা গড় হত্যা কৰা চকৰ ইংলেং শেহতীয়াভাৱে বুঢ়াপাহাৰ ৰেঞ্জৰ অন্তর্গত টুনিকাটি কেম্পৰ এলেকাধীন বনাঞ্চলত ২০১৫ চনৰ নৱেম্বৰত এটা গড় আৰু চলিত বৰ্ষৰ যোৱা ২১ মাৰ্চত আন এটা গড় হত্যা কৰিছিল। ইপিনে চলিত বৰ্ষৰ ৩০ এপ্রিলৰ নিশা বুঢ়াপাহাৰ ৰেঞ্জ এলেকাত গড় হত্যা কৰিবলৈ যাওঁতে গড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল এইজন দুর্ধর্ষ চােৰাং চিকাৰী।

Share on Google Plus

About Unknown

0 comments:

Post a Comment