অসমৰ শতৰূপা চক্ৰৱতী দিল্লীৰ জৱাহৰলাল নেহৰু সাধাৰণ সম্পাদকৰ পদত জয়ী



অসমৰ শতৰূপা চক্ৰৱতী দেশৰ আগশাৰীৰ শিক্ষা প্রতিষ্ঠান দিল্লীৰ জৱাহৰলাল নেহৰু সাধাৰণ সম্পাদকৰ পদত জয়ী হৈছে । এছ এফ আইৰ প্রার্থী শতৰূপাই ২,৪২৪টা ভোট লাভ কৰে।সাধাৰণ সম্পাদকৰ পদত জয়ী হােৱা শতৰূপা চক্ৰৱতীৰ ঘৰ অসমৰ কৰিমগঞ্জ জিলাত। কৰিমগঞ্জৰ এম এম এম চি বিদ্যালয় আৰু কৰিমগঞ্জ মহাবিদ্যালয়ত অধ্যয়ন কৰাৰ পিচত তেওঁ হায়দৰাবাদত দর্শনশাস্ত্ৰত স্নাতকোত্তৰ শিক্ষা গ্রহণ কৰে। বর্তমান তেওঁ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত দর্শন শাস্ত্ৰত পি এইচ ডি কৰি আছে। উল্লেখ্য যে এই নির্বাচনত সর্বভাৰতীয় এছ'চিয়েচন (এ আই এছ এ) আৰু ষ্টুডেন্ট ফেডাৰেচন অব ইণ্ডিয়া (এছ এফ আই)ৰ মিত্ৰজোটে বিশ্ববিদ্যালয়খনৰ ছাত্র একতা সভাৰ আটাইকেইটা গুৰুত্বপূর্ণ পদ দখল কৰিবলৈ সক্ষম হয়।
Share on Google Plus

About Unknown

0 comments:

Post a Comment