হৰি নামেৰে মুখৰিত বৰপেটাৰােড;;মহাভাগৱত ৰথযাত্ৰাক বিপুল আদৰণী



সমগ্ৰ অসম জুৰি চলোৱা মহাভাগৱত ৰথযাত্ৰাই আজি পুৱাৰ ভাগত হাউলীস্থিত বি এইচ কলেজত প্রথমে পদার্পণ কৰে। মহাবিদ্যালয়খনৰ অধ্যক্ষ ভুবন চন্দ্ৰ পাঠক প্রমুখ্যে শিক্ষকশিক্ষয়িত্রী ছাত্র-ছাত্রী তথা ধর্মপ্রাণ ৰাইজে মহাভাগৱত ৰথযাত্রাক আদৰণি জনায়। পুৱা না বজাত বৰপেটাৰােডত প্রৱেশ কৰে। এইলৈ চহৰখনত এক ধামীক পৰিৱেশৰ সৃষ্টি হয়। নতুন প্রজন্মক আধ্যাত্মিক জগতৰ লগত পৰিচয় কৰি দিয়াৰ বাবে যোৱা ওঠৰ আগষ্টৰ পৰা আৰম্ভ হােৱা মহাভাগৱত যাত্রাক আজি বৰপেটাৰোডত প্ৰৱেশ কৰাৰ লগে লগে চহৰখনৰ ধৰ্মপ্রাণ ৰাইজে বিপুল আদৰণী জনায়। চহৰখনৰ মুখ্যদ্বাৰ শিমলাগুৰীত এইলৈ হিন্দু ধৰ্মৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে সমবেত হৈ এই ৰথ যাত্রাক আদৰণীজনাই নাম কীর্তন কৰি ৰথখনি চহৰখনৰ মাজেৰে পৰিভ্ৰমণ কৰায়।হৰি নামেৰে মুখৰিত কৰি মহাভাগৱত ৰথ যাত্ৰাৰ ৰথখনি প্রথমতে চহৰখনৰ কালিবাৰী দুর্গােবাৰীত ৰখোৱাৰ পিছত ধর্মপ্ৰাণ ৰাইজে সেৱা জনায়। পিছত ৰথখনি ৰাধাকৃষ্ণ ঠাকুৰবাৰীত উপস্থিত হােৱাত মুখ্যত মাৰােৱাৰী সমাজৰ লোকসকলে ভাগৱতৰ বিভিন্ন শ্লোক মাতি আদৰণী জনায়। তাৰ পিছত ৰথখনি দ্বিগাম্বৰ জৈন মন্দিৰ, হনুমান মন্দিৰ আদি ধর্মীয় স্থানলৈ নিয়া হয়। বৰপেটাৰোড শাখা সত্ৰত ৰথখনি উপস্থিত হােৱাত বৰপেটাৰোড শাখা সত্ৰৰ সভাপতি ধনেশ্বৰ নাথ সমন্বিতে ভকত বৃন্দই আদৰণী জনায় সেৱা কৰে। বৰপেটাৰোড মহাভাগৱত ৰথ পৰিচালনা সমিতিৰ উদ্যোগত চলা এই ৰথযাত্ৰাত মাৰােৱাৰী যুৱ মঞ্চ, বৰপেটাৰােড ৰাম মন্দিৰ, মাৰোৱাৰী মহিলা মঞ্চ, সত্ৰ, শংকৰী কলাকুষ্টি সংঘই অংশগ্রহণ কৰি সমগ্ৰ চহৰখনতে ভগৱতৰ ভক্তিৰসৰ এক পৰিৱেশ সৃষ্টি কৰে।





Share on Google Plus

About Unknown

0 comments:

Post a Comment