প্ৰতিঘৰ লোকলৈ ইণ্টাৰনেট, টিভি আৰু টেলিফোন সংযোগৰ লক্ষ্য স্থিৰ অসম চৰকাৰৰ ;;মন্ত্রী কেশৱ মহন্ত

তথ্য-প্রযুক্তিৰ লগতে বিজ্ঞান প্রযুক্তি বিভাগৰো দায়িত্বত থকা মন্ত্রী কেশৱ মহন্তই কয় যে ডিজিটেল ইণ্ডিয়া আৰু ডিজিটেল অসম কাৰ্যসূচীৰ অধীনত ২৫ হাজাৰ ৰাজহ গাঁৱক সামৰি ই-গ্রাম (E-gram) আঁচনি ৰূপায়ণৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে। ইয়াৰ জৰিয়তে প্ৰতিঘৰ লোকলৈ ইণ্টাৰনেট, টিভি আৰু টেলিফোন সংযোগৰ লক্ষ্য স্থিৰ কৰা হৈছে। ২৫ লাখ লোকক ডিজিটেলী স্বাক্ষৰ প্ৰদান কৰাৰ লক্ষ্যৰে প্রশিক্ষণৰাে ব্যৱস্থা কৰা হৈছে বুলি মন্ত্রী কেশৱ মহন্তই উল্লেখ কৰে। তেওঁ লগতে আৰু কয় যে ৰাজ্যত তথ্যপ্রযুক্তি খণ্ডত নিয়োগৰ সম্ভাৱনা বৃদ্ধিৰ বাবেও প্রয়ােজনীয় পদক্ষেপ গ্রহণ কৰা হৈছে। বৰঝাৰ বিমানবন্দৰৰ নাতিদূৰৈতে তিনিশ বিঘা মাটিত তথ্যপ্রযুক্তি পার্ক আৰু আই এছ ডি এম কেন্দ্র স্থাপন কৰা হ’ব। তদুপৰি ডিব্ৰুগড়, শিলচৰ আদিত বিনিয়োগ কৰাৰ বাবে নিৱেশকৰ সৈতেও কথা-বতৰা পাতি থকা বুলি মহন্তই জানিবলৈ দিয়ে। আনহাতে, সোণাপুৰত ছায়েন্স চিটী নির্মাণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে । ৪২ বিঘা মাটিত বায়’টেক পার্ক নির্মাণ কৰা হ’ব বুলি উল্লেখ কৰি লগতে কয় যে ইয়াক ব্যৱসায়িক খণ্ডলৈ ৰূপান্তৰ কৰাৰাে ব্যৱস্থা গ্রহণ কৰা হ’ব।
Share on Google Plus

About Unknown

0 comments:

Post a Comment