
১। নগাঁৱৰ আকাশত গুৱাহাটীৰ পৰা ইটানগৰ অভিমুখী হেলিকপ্টাৰত বিজুতি। নেহৰুবালিত জৰুৰী অৱতৰণ স্কাইৱান এয়াৰৱেজৰ হেলিকপ্টাৰ।
২।মহানগৰীত যুৱকক নৃশংসভাৱে হত্যা কৰি পাণ্ডুত মৃতদেহ পেলাই থৈ গ’ল দুৰ্বৃত্তই। ৰে’লৱে ৱৰ্কশ্বপত উদ্ধাৰ পৱন সিঙৰ মৃতদেহ।
৩। আজি গুৱাহাটীত গঁড়ৰ খড়গ গণনা আৰু পৰীক্ষা। বৰপেটাত গঁড়ৰ খড়গৰ পৰিৱৰ্তে গুড়ি পদাৰ্থ উদ্ধাৰক লৈ প্ৰতিক্ৰিয়া।
৪।নিশাৰ মহানগৰীত সুৰাপায়ীৰ তাণ্ডৱ ৰোধত ব্যৰ্থ আৰক্ষী, পৰিবহণ বিভাগ। অত্যাধিক সুৰাপান কৰি বাহন চলোৱাৰ ফলত ছয়মাইল, উলুবাৰীত দুৰ্ঘটনা, ছয়মাইলত চালকক প্ৰহাৰ।
৫।পাঠশালা, লিডুত নিশা বিধ্বংসী অগ্নিকাণ্ড। পাঠশালাত জাহ গ’ল ৪টা বাসগৃহৰ লগতে কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান। লিডুত দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ সন্দেহ।
৬।কাবেৰীৰ পানী ভাগ-বতোৱাৰাক লৈ কৰ্ণাটক, তামিলনাডুত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতি কিছু পৰিমাণে নিয়ন্ত্ৰণ। আজি পুৱা বাংগালুৰুৰ ১৬ আৰক্ষী থানা এলেকাৰ পৰা সান্ধ্য আইন প্ৰত্যাহাৰৰ সম্ভাৱনা.[;Source;;Dy 365]
0 comments:
Post a Comment