
চুবুৰীয়া ৰাষ্ট্র পাকিস্তান জম্মু-কাশ্মীৰৰ উৰিত ভাৰতীয় সেনাৰ ছাউনীৰ ওপৰত চলা ভয়াৱহ আক্ৰমণৰ আঁৰত থকাটাে প্রায় নিশ্চিত হৈ পৰাত ৰাষ্ট্ৰখনৰ বিৰুদ্ধে সমগ্ৰ দেশৰ লগতে অসমতো ৰূপায়িত হৈছে ভীব্র প্রতিবাদ।কালি ৰাজ্যৰ বিভিন্ন প্রান্তত প্রতিবাদকাৰীয়ে পাকিস্তানৰ পতাকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্রতিবাদকাৰীসকলে পাকিস্তান গ” বেক, নৱাজ শ্বৰীফ মুর্দাবাদ ,পাকিস্তান মুৰ্দাবাদ, ভাৰতীয় সেনা জিন্দাবাদ আদি শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে। আৰক্ষীয়ে পাছত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে।
0 comments:
Post a Comment