নতুন দিল্লী আৰু ইছলামাবাদে উৰিৰ আত্মঘাতী আক্রমণ সংক্রান্তত কূটনৈতিক যুঁজ চলাই থকাৰ সময়তে কালি পাক সেনাই যুদ্ধবিৰতি উলংঘন কৰি ভাৰতক প্রত্যাহ্বান জনাই উৰিৰ এল অ' চিত ভাৰতীয় চকীত তীব্র গুলীবর্ষণ কৰে। ইপিনে, পাক সেনাই উৰিৰ এল অ' চিত যুদ্ধবিৰতি উলংঘন কৰা স্থানৰ কিছু নিলগত উৰি ক্ষেত্ৰৰে লাচিপুৰা অঞ্চলত অনুপ্ৰৱেশ কৰিব খোজা ১০ পাক সন্ত্রাসবাদীক গুলীয়াই হত্যা কৰে ভাৰতীয় সেনাই। বিশ্বজুৰি নিন্দিত উৰিত পাক সন্ত্রাসবাদীৰ ভয়াৱহ আত্মঘাতী আক্ৰমণৰ দুদিন পাছতেই উৰিৰ নিয়ন্ত্রণৰেখা (এল অ' চি)ৰ সমীপত থকা ভাৰতীয় সেনাৰ চকীত পাকিস্তানী সেনাই প্রচণ্ড গুলীবর্ষণ কৰে। লঘু আৰু স্বয়ংক্রিয় আগ্নেয়াস্ত্ৰৰে পাক সেনাই ভাৰতীয় চকীলৈ বহু সময় ধৰি গুলীবর্ষণ কৰে যদিও ভাৰতীয় চকীটোৰ বিশেষ ক্ষতিসাধন কৰিব নোৱাৰিলে বুলি প্ৰতিৰক্ষা প্রকাশ কৰিছে। পাক সেনাৰ এই গুলীবর্ষণক প্রত্যাহ্বান জনাই ভাৰতীয় সেনাই গুলীৰে প্রত্যুত্তৰ দিয়ে। ২০ মিনিট ধৰি দুই পক্ষৰ মাজত গুলীবর্ষণ চলে বুলি সূত্ৰত প্রকাশ। আনহাতে, উৰি ক্ষেত্ৰৰ লাচিপূৰা অঞ্চলৰে নিয়ন্ত্রণ ৰেখা অতিক্ৰমি ভাৰতত অনুপ্ৰৱেশ কৰিব বিচৰা ১০ পাক সন্ত্রাসবাদীক ভাৰতীয় সেনাই গুলীয়াই হত্যা কৰি এক বৃহৎ অনুপ্ৰৱেশক প্রতিহত কৰে।
Home / পাক সন্ত্রাসবাদী
/ ১০ পাক সন্ত্রাসবাদীক গুলীয়াই হত্যা ভাৰতীয় সেনাৰ:: উৰিত পাকিস্তানী সেনাৰ গুলীবর্ষণ
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment