গড় হত্যাত জড়িত প্রাক্তন কংগ্রেহী মন্ত্রী :::ৰাজ্যজুৰি তীব্র প্রতিক্রিয়া


Nurjamal Sarkar

এইবাৰ গড় হত্যাত সাঙোৰ খাইছে এগৰাকী প্রাক্তন মন্ত্রীৰ নাম। কালি তামিলনাডুৰ পৰা অসম আৰক্ষীয়ে দুজন চােৰাং চিকাৰীক গ্রেপ্তাৰ কৰাৰ পাছত পোহৰলৈ আহিছে এই তথ্য। গ্রেপ্তাৰ হােৱা নুৰ কাছিম আৰু মকবুল আলী নামৰ চােৰাং চিকাৰী দুজনে আৰক্ষীক দিয়া স্বীকাৰােক্তিত প্রকাশ কৰিছে যে প্রাক্তন মন্ত্রী নুৰজামাল সৰকাৰৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী আজহাৰ আৰু ভতিজাক লালবাবুৱে গড় হত্যাৰ বাবে তেওঁলোকক ৫০ হাজাৰ টকা দিছিল। চোৰাং চিকাৰী দুজনৰ এই বিস্ফোৰক ভাষ্যৰ পাছত এতিয়া ৰাজ্যজুৰি তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে। গড় হত্যাৰ আঁৰত আৰক্ষী আৰু বনকর্ম জড়িত থকাৰ অভিযোগ দীর্ঘসময়ৰ পৰাই উত্থাপন হৈ আছিল। এনে অৱস্থাত গড় হত্যাৰ আঁৰত এগৰাকী প্রাক্তন মন্ত্রীৰ নিৰাপত্তাৰক্ষী জড়িত হৈ থকা বিষয়টােৱে বহু দিশ উন্মোচন কৰিছে। উল্লেখ্য যে যোৱা আগষ্টত কাজিৰঙাৰ বাগৰি ৰেঞ্জত দুটাকৈ গড় হত্যা কৰা হৈছিল। আমােকাঁঠনি বন শিবিৰৰ সমীপত পোৱালিসহ মাইকী গড়টাে নিধন কৰাক লৈ যথেষ্ট প্রতিক্রিয়াৰাে সৃষ্টি হৈছিল। মাকৰ সৈতে পোৱালি গড়টােক হত্যাৰ আঁৰত আছিল নুৰজামাল সৰকাৰৰ নিৰাপত্তাৰক্ষী আজহাৰ আৰু ভতিজাক লালবাবু। আনহাতে, গড় দুটা হত্যা কৰি খড়গ কাটি লৈ পলায়ন কৰা নুৰ কাছিম আৰু মকবুল আলীয়ে যোৱা দীর্ঘদিন ধৰি তামিলনাডুত আত্মগোপন কৰি আছিল। বন বিভাগে গোপন সূত্রে চিকাৰী দুজন আত্মগোপনৰ উমান পাই তামিলনাডুৰ নিগৰি জিলাৰ আৰক্ষীৰ সৈতে যুটীয়া অভিযান চলাই কুন্নৰ অঞ্চলৰ পৰা দুয়োকে আটক কৰে। স্মর্তব্য যে বন বিভাগে ইতিমধ্যে নুৰজামান সৰকাৰৰ ভতিজাক লালবাবুক আটক কৰিছে যদিও দেহৰক্ষী আজহাৰ এতিয়াও পলাতক অৱস্থাত আছে। আৰক্ষী সূত্রই প্রকাশ কৰা মতে, গড় হত্যা কৰি চােৰাং চিকাৰী দুজনে খড়গটাে লালবাবুক গতাই দিছিল। লালবাবুৱে খড়গটাে গুৱাহাটীৰ পৰা শিলিগুৰিলৈ নি বিক্ৰী কৰিছিল। ইফালে, দুজন চােৰাং চিকাৰী আত্মগোপন কৰি থকা অৱস্থাৰ পৰা বন বিভাগ আৰু আৰক্ষীয়ে আটক কৰাৰ পাছত বনমন্ত্রী প্রমীলাৰাণী ব্ৰহ্মাই আজি বিষয়টাে সন্দৰ্ভত মন্তব্য প্রকাশ কৰিছে। মন্ত্রীগৰাকীৰ মতে, চোৰাং চিকাৰীয়ে প্রাক্তন মন্ত্রীৰ নাম লৈছে। যদিও ইয়াৰ তদন্ত হ’ব। তদন্তৰ পাছত সকলো স্পষ্ট হ’ব। গড় হত্যাত জড়িত শাস্তি পাবই বুলিও মন্ত্রীগৰাকীয়ে উল্লেখ কৰে। 







Share on Google Plus

About Unknown

0 comments:

Post a Comment