“
''কাজিৰঙা অভয়াৰণ্যৰ উচ্ছেদ অভিযানৰ বিৰোধিতা কৰা ভণ্ড নেতা অখিল গগৈ অসমৰ বাবে বিষাক্ত কীটাণু।” এই অভিযোগ হিন্দুযুৱ-ছাত্ৰ পৰিষদৰ সভাপতি বলেন বৈশ্যৰ। হিন্দু যুৱ-ছাত্ৰ পৰিষদে আজি সৰ্থেবাৰীৰ প্রশাস্তি লজত আয়োজন কৰা এখন সংবাদ মেলত এই অভিযোগ কৰে সংগঠনটোৰ সভাপতি বৈশ্যই। তেওঁ পুনৰ কয় যে বাংলাদেশীৰ ৰক্ষকৰ ভূমিকাত অৱতীৰ্ণ হােৱা ভণ্ড নেতা অখিল সম্প্রতি বলিয়া হৈছে। ভণ্ডঅখিলক এতিয়া চিকিৎসাৰ প্রয়োজন বুলি কটাক্ষ কৰে। একেদৰে কাজিৰঙা অভয়াৰণ্যৰ উচ্ছেদত বাধা দিয়াসকলক দুস্কৃতিকাৰী আখ্যা দিয়ে বৈশ্যই। একেদৰে এই উচ্ছেদ অভিযানত মৃত্যু হােৱাসকলৰ নাগৰিকত্ব প্রমাণ কৰিবলৈও তেওঁ দাবী জনায়। আনহাতে, কাজিৰঙা অভয়াৰণ্যতে চলা উচ্ছেদ অভিযান অব্যাহত ৰাখিবলৈ আহ্বান জনাই হিন্দু যুৱ-ছাত্ৰ পৰিষদে সমগ্র অসমৰ বনাঞ্চল আৰু চৰকাৰী ভূমি বেদখলমুক্ত কৰিবলৈ আহ্বান জনায়। বৈশ্যই ,অখিল গগৈ অসমৰ বাবে বিষাক্ত কীটাণু ৪ বলেন বৈশ্য কয় যে সত্ৰৰ ভূমি বেদখলমুক্ত হ’ব লাগে। আনহাতে এইখন চৰকাৰেও সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ ক্ষেত্ৰত সন্দেহ ব্যক্ত কৰে। সভাপতি বলেন বৈশ্যই। তেওঁ পুনৰ কয় যে ভোটৰ পূর্বে ৰাইজক দিয়া প্রতিশ্রুতি পালন কৰি সত্ৰৰ সকলো ভূমি বেদখলমুক্ত কৰি চৰকাৰে সাহস দেখুৱাওক। একেদৰে নিবনুৱা সমস্যা সম্পর্কতো এই চৰকাৰে প্ৰতিশ্রুতি পালন কৰিব লাগে। অন্যথা হিন্দু যুৱ-ছাত্ৰ পৰিষদে আন্দােলনত নামিবলৈ বাধ্য হ’ব। বৈশ্যৰ উপৰি এই সংবাদ মেলত বৰপেটা জিলা হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি কন্দৰ্প তালুকদাৰ, সম্পাদকদ্বয় খৰ্গপাণি তামুলী আৰু বিকাশ শৰ্মাৰ লগতে কেইবাগৰাকী নেতা-কর্মী উপস্থিত থাকে। ইপিনে, প্রশাস্তি লজতে হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ বাগাসা, বৰপেটা, নলবাৰী, চিৰাঙৰ পৰা অহা প্রতিনিধিৰ উপস্থিতিত দুদিনীয়া বৌদ্ধিক বিকাশ শিবিৰৰ আয়োজন কৰে।

0 comments:
Post a Comment